ভাৰতৰ আগশাৰীৰ খেলুৱৈ পি ভি সিন্ধু ইণ্ডোনেছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হৈছে। খেলুৱৈগৰাকী কালি জাকাটাত চীনা টাইপেইৰ প্ৰতিদ্বন্দ্বী ছু ৱেন-ছিৰ বিৰুদ্ধে ১৫-২১, ২১-১৫, ১৪-২১ গেমত পৰাস্ত হয়। অৱশ্যে ভাৰতৰ অশ্বিনী পোনাপ্পা আৰু টানিছা ক্রাষ্টোৰ যুটিটো মহিলাৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। ভাৰতীয় যুটিটোৱে প্ৰথম ৰাউণ্ডত কানাডাৰ জেকি ডেণ্ট আৰু ক্ৰিষ্টেল লাইক ২১-১৫, ২১-১৫ গেমত পৰাস্ত কৰে। ইপিনে, মহিলাৰ ডাবলছত তৃশা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটোৰ লগতে পুৰুষৰ ছিংগলছত প্রিয়াংশু ৰাজাৱট আৰু লক্ষ্য সেন পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। একেদৰে মিক্সড ডাবলছত বি সুমিত ৰেড্ডী আৰু এন চিক্কী ৰেড্ডীৰ যুটিটো দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত আজি লক্ষ্য সেন জাপানৰ কেণ্টা নিশিমতো আৰু প্রিয়াংশু ৰাজাৱট থাইলেণ্ডৰ কুনলাভুট ভিটিডচাৰ্নৰ মুখামুখি হ’ব। মহিলাৰ ডাবলছত গায়ত্ৰী গোপীচান্দ আৰু তৃশা জলীৰ যুটিটো জাপানৰ ৱাকানা নাগাহাৰা আৰু মায়ু মাটছুমটোৰ বিৰুদ্ধে আৰু অশ্বিনী পোনাপ্পা আৰু তানিশা ক্রাষ্টোৰ যুটিটো কোৰিয়াৰ লি চো হি আৰু বেক হা নাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। দুয়োখন খেলেই আজি অনুষ্ঠিত হ’ব। ইপিনে, মিক্সড ডাবলছৰ দ্বিতীয় ৰাউণ্ডত আজি সুমিত ৰেড্ডী আৰু এন চিক্কি ৰেড্ডী চীনৰ ঝেং চি ৱেই আৰু হুৱাংয়া কুয়ঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত আজি ছিৰাগ ছেট্টী আৰু সাত্বিকছাইৰাজ ৰণকীৰেড্ডীৰ ভাৰতীয় যুটিটো মালয়েছিয়াৰ ৱেই ছং মেন আৰু কাই উন টিৰ সন্মুখীন হ’ব।
Site Admin | June 6, 2024 11:40 AM | Indonesian Open Badminton