ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রবোৱো ছুবিয়াণ্টোই আসন্ন ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ উদ্দেশ্যে যোৱানিশা নতুন দিল্লীত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই বিমান বন্দৰত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। এই চাৰিদিনীয়া ভ্ৰমণকালত শ্ৰী ছুবিয়াণ্টোই ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। তেওঁ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰকো দেখা কৰিব আৰু ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অভ্যর্থনা অনুষ্ঠানত ভাগ ল’ব। যোৱা অক্টোবৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে শ্ৰী ছুবিয়াণ্টোৰ প্ৰথম ভাৰত ভ্ৰমণ। শ্ৰী ছুবিয়াণ্টোৰ এই ভ্রমণে দুয়ো পক্ষকে দ্বিপাক্ষিক সম্পৰ্কৰ সৰ্বাত্মক পৰ্যালোচনা চলোৱাৰ আৰু পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। সর্বাত্মক কৌশলগত সহযোগী হিচাপে ইণ্ডোনেছিয়া, ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ।
Site Admin | January 24, 2025 1:03 PM | Indionesia