ভাৰতৰ মহাকাশ অৰ্থব্যৱস্থাৰ পৰিধি পৰৱৰ্তী ১০ বছৰত তিনিগুণ বৃদ্ধি পাব। নতুন দিল্লীত আজি ব্যক্তিগত সংবাদ গোষ্ঠীয়ে আয়োজন কৰা ভাৰতীয় অর্থনীতি সন্মিলন সম্বোধন কৰি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰত ইয়াক মহাকাশ খণ্ডক গোলকীয় মানৰ পৰ্যায়লৈ লৈ যোৱাৰ দিশে অগ্ৰসৰ হৈছে। দেশে ২০১৪ চনৰ পৰা মহাকাশ খণ্ডত চকুতলগা ধৰণৰ প্ৰগতি লাভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বর্তমান বিশ্ব মহাকাশ অৰ্থনীতিত ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ অৱদান ৮ৰ পৰা ৯ শতাংশ ৷ মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাশ ক্ষেত্ৰৰ দ্বাৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰিছে। ইয়াৰ ফলত অপাৰ সুযোগৰ সৃষ্টি হৈছে। ২০৩৫ চনৰ ভিতৰত ভাৰতৰ নিজা মহাকাশ কেন্দ্ৰ হ’ব বুলি ড০ সিঙে জানিবলৈ দিয়ে।
ভাৰতৰ মহাকাশ অৰ্থব্যৱস্থাৰ পৰিধি পৰৱৰ্তী ১০ বছৰত তিনিগুণ বৃদ্ধি পাবঃ ড০ জিতেন্দ্র সিং
