পেৰিছ অলিম্পিকত আজি বিয়লি ৩.৩০ বজাত ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষ শাখাৰ ফাইনেলত অৰ্জুন বাবুটা অৱতীৰ্ণ হ’ব। আনহাতে, সৰবজোৎ সিঙৰ সৈতে মানু ভাকৰৰ যুটি আৰু অৰ্জুন সিং ছেমাৰ সৈতে ৰিডম চংৱানৰ যুটিয়ে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলৰ কোৱালিফিকেচন ৰাউণ্ডত অৱতীৰ্ণ হ’ব। ইফালে পুৰুষ হকীত ভাৰতে আজি পুল বিৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব। ভাৰতীয় হকী দলটোৱে অলিম্পিকৰ প্ৰথম দিনা নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰিছিল।
ইপিনে, পেৰিছ অলিম্পিকত মানু ভাকৰে কালি ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদক তালিকা মুকলি কৰে । ভাৰতে এইবাৰ ২০২০ৰ টকিঅ’ অলিম্পিকত লাভ কৰা ৭টা পদকৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ভাৰত বৰ্তমান তালিকাৰ ২২ সংখ্যক স্থানত আছে। ইপিনে, অষ্ট্ৰেলিয়া চাৰিটা সোণৰ পদকেৰে প্ৰথম স্থানত আছে। শেহতীয়া তথ্য অনুসৰি আয়োজক ফ্ৰান্সকে ধৰি দক্ষিণ কোৰিয়া, চীন আৰু জাপানে তিনিটাকৈ সোণৰ পদক লাভ কৰাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰ দুটা পদকেৰে ষষ্ঠ স্থানত আছে।