ভাৰতৰ প্ৰথমটো কৃত্রিম উপগ্রহ আর্যভট্টই আজি ৫০ বছৰ সম্পূৰ্ণ কৰিছে। প্ৰাচীন ভাৰতৰ প্ৰখ্যাত গণিতজ্ঞ আৰু জ্যোতির্বিজ্ঞানী আর্যভট্টৰ নামত ১৯৭৫ চনৰ আজিৰ দিনটোতেই কৃত্রিম উপগ্ৰহটো মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নিৰ্মাণ কৰা উপগ্ৰহটো তেতিয়াৰ ছোভিয়েট ৰাছিয়াৰ সহযোগত কাপুষ্টিন য়াৰৰ পৰা মহাকাশলৈ পঠিওৱা হৈছিল। সৌৰ পদাৰ্থ বিজ্ঞান, বায়ু বিদ্যা আৰু এক্স-ৰে জ্যোতির্বিদ্যাকে ধৰি অন্যান্য কেইবাটাও ক্ষেত্ৰৰ অধ্যয়নৰ বাবে উপগ্রহটো উৎক্ষেপণ কৰা হৈছিল। প’লিহেড্ৰ’নেৰে তৈয়াৰ কৰা এক দশমিক চাৰি মিটাৰ ব্যাসৰ আর্যভট্টৰ ওজন আছিল ৩৬০ কিলোগ্রাম। উপগ্ৰহটোৰ ওপৰ আৰু তলৰ ফালৰ বাহিৰে বাকী ২৪টা ৰন্ধ্ৰক সৌৰ পেনেলেৰে ঢকা হৈছিল। নির্দিষ্ট কক্ষপথত ৫ দিন থকাৰ পাছত আর্যভট্ট নিয়ন্ত্ৰণ কক্ষৰ পৰা বিচ্ছিন্ন হৈ গৈছিল। উপগ্ৰহটোৰ পৰা কেতবোৰ মূল্যৱান তথ্য পোৱা গৈছিল আৰু বিজ্ঞানীসকলে কৃত্রিম উপগ্রহ বিকাশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অভিজ্ঞতা লাভ কৰিছিল। বিচ্ছিন্ন হোৱাৰ পাছতো কেইবাদিনলৈকে উপগ্ৰহটোৱে তথ্যৰ সৰবৰাহ কৰি আছিল। আর্যভট্ট মহাকাশ অভিযানত ভাৰতৰ আত্মপ্রকাশ আছিল আৰু ই দেশৰ ভৱিষ্যতৰ মহাকাশ অভিযানসমূহৰ ভেটি স্থাপন কৰিছিল। আর্যভট্টৰ সফল উৎক্ষেপণৰ জৰিয়তে ভাৰত মহাকাশৰ নিৰ্দিষ্ট কক্ষপথত– কৃত্রিম উপগ্রহ স্থাপন কৰা বিশ্বৰ একাদশ দেশ হিচাপে পৰিগণিত হৈছিল।
Site Admin | April 19, 2025 8:06 PM | Aryabhata | completes 50 years | India’s first satellite
ভাৰতৰ প্ৰথমটো কৃত্রিম উপগ্রহ আর্যভট্টৰ ৫০ বছৰ সম্পূৰ্ণ
