ডাউনলোড
মোবাইল এপ

android apple
signal

দেশত চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে ৭.২৮ শতাংশ ৰপ্তানি বৃদ্ধি

দেশত চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে ৰপ্তানিৰ হাৰ ৭ দশমিক ২-৮ শতাংশ বৃদ্ধি পাই ৪৬ হাজাৰ ৮২৭ কোটি ডলাৰ হৈছে। যোৱা বছৰ এই সময়ছোৱাত এই পৰিমাণ আছিল ৪৩ হাজাৰ ৬৪৮ কোটি ডলাৰ৷ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয় জাৰি কৰা পৰিসংখ্যা অনুসৰি এই সময়ছোৱাত অকল বাণিজ্যিক সামগ্ৰীৰ ৰপ্তানি ২৫ হাজাৰ ২২৮ কোটি ডলাৰ হয়। এই পৰিমাণ যোৱা বছৰৰ একেই সময়ছোৱাৰ তুলনাত ৩ দশমিক ১-৮ শতাংশ অধিক ৷ একেদৰে এই সময়ছোৱাত সেৱা ৰপ্তানিৰ আনুমানিক মূল্য ২১ হাজাৰ ৫৯৮ ডলাৰলৈ বৃদ্ধি পায়। এই পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ১২ শতাংশ অধিক ।

অধিক পঢ়ক

সকলো চাওক