দক্ষতাৰ উচ্চতম মানৰ বাবে ডিজাইন কৰা ভাৰতৰ সৰ্ববৃহৎ দক্ষতা প্রতিযোগিতাখন আজি নতুন দিল্লীত আৰম্ভ হ’ব। দক্ষতা বিকাশ আৰু ঔদ্যোগীকৰণ মন্ত্ৰালয়ে জনোৱা মতে ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৪ত ৩০খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯ শতাধিকতকৈও অধিক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰাৰ লগতে চাৰিশৰো অধিক উদ্যোগ বিশেষজ্ঞই অংশগ্ৰহণ কৰিব। চাৰিদিনীয়া কাৰ্যসূচীৰে চলিবলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে পৰম্পৰাগত শিল্পকৰ্মৰ পৰা আৰম্ভ কৰি অত্যাধুনিক প্রযুক্তিলৈকে ৬১টা দক্ষতাৰে ৰাষ্ট্ৰীয় মঞ্চত নিজৰ দক্ষতা আৰু প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিব। ইয়াৰে ৪৭খন দক্ষতা প্ৰতিযোগিতা স্থানীয়ভাৱে অনুষ্ঠিত হ’ব যদিও শ্রেষ্ঠ আন্তঃগাঁথনিৰ উপলব্ধতাক মনত ৰাখি কৰ্ণাটক, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু গুজৰাটত ১৪খন দক্ষতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ছাত্র-ছাত্রীসকলে ড্র’ন ফিল্ম মেকিং, টেক্সটাইল ৱেভিং, লেডাৰ শ্বু মেকিং, প্রচথেটিকছ মেক আপ আদি ৯টা প্রদর্শনী দক্ষতাতো অংশগ্রহণ কৰিব পাৰিব। ভাৰতীয় দক্ষতাৰ বিজয়ীসকলে চলিত বৰ্ষৰ ছেপ্তেম্বৰত ফ্ৰান্সৰ লিয়নত অনুষ্ঠিত হ’বলগীয়া বিশ্ব দক্ষতা প্রতিযোগিতাত অংশগ্রহণ কৰিব পাৰিব।
Site Admin | May 15, 2024 11:24 AM | India's biggest skill competition