ভাৰতৰ অবিনাশ চেবেলে ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত ৩ হাজাৰ মিটাৰ ষ্টিপলছেজত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে। তাৰকা খেলুৱৈগৰাকী নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰি এই নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। খেলুৱৈগৰাকীয়ে নিজৰ উৎকৃষ্ঠ খেল প্ৰদৰ্শন প্রতিযোগিতাৰ ষষ্ঠ স্থানত থাকে। ইথোপিয়াৰ আব্ৰাহাম চীমে প্রথম স্থান অধিকাৰ কৰে।