ভাৰতৰ পি ভি সিন্ধু, প্রিয়াংশু ৰাজাৱট আৰু কিৰণ জর্জে চীনৰ নিংবোত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অলিম্পিকত দুবাৰকৈ পদক বিজেতা সিন্ধু আজি পুৱা হ’বলগীয়া মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। সিন্ধুই কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত ইণ্ডোনেছিয়াৰ এষ্টৰ নুৰমি ট্রাই ৱাৰ্ডয়োক ২১-১৫, ২১–১৯ গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কিৰণ জৰ্জ আজি থাইলেণ্ডৰ কুনলাভূট ভিটিডছাৰ্ণৰ সন্মুখীন হ’ব। জর্জে কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত কাজাখস্তানৰ ডিমিট্ৰি পানাৰিনক ২১–১৬, ২১–৮ গেমত পৰাভূত কৰে। প্রিয়াংশু ৰাজাৱট আজি পুৰুষৰ ছিংগলছৰ আন এখন খেলত জাপানৰ কোডাই নাৰাঅ’কাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ৰাজাৱটে কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত থাইলেণ্ডৰ কাণ্টাফোন ৱাংছৰোএনক ২০-২২, ২১-১২, ২১-১০ গেমত পৰাভূত কৰে। ৰূৱন কুমাৰ ৰেথিনাছ’বাপটি আৰু হৰিহৰণ অমসকৰুণনো পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটো দ্বিতীয় ৰাউণ্ডত মালয়েছিয়াৰ আৰোন চিয়া আৰু ৱুই য়িক ছ’হৰ সন্মুখীন হ’ব। ভাৰতৰ ধ্রুব কপিলা আৰু তনিছা ক্ৰাষ্টৰ যুটিটো আজি মিক্সড ডাবলছৰ দ্বিতীয় ৰাউণ্ডত চীনা টাইপেৰ ৱং ৱেইয়ে আৰু নিকলে গঞ্জালেছ ছানৰ সন্মুখীন হ’ব।
চীনত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ পি ভি সিন্ধু, প্রিয়াংশু ৰাজাৱট, কিৰণ জর্জ
