ডাউনলোড
মোবাইল এপ

android apple
signal

পথ-দলঙৰ আন্তঃগাঁথনিয়ে বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও বিকাশত অৰিহণা যোগায়ঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

পথ আৰু দলঙৰ আন্তঃগাঁথনিয়ে বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, বৰং ভৱিষ্যত প্ৰজন্মৰ বাবেও বিকাশত অৰিহণা যোগায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় পথ কংগ্ৰেছে গুৱাহাটীত আয়োজন কৰা এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত অংশগ্ৰহণ কৰি এইদৰে কয়। মুখ্যমন্ত্ৰীয়ে পথ আৰু দলঙৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত দেশক উন্নয়নৰ দিশত আগুৱাই নিয়াৰ বাবে ভাৰতীয় পথ কংগ্ৰেছে দশক ধৰি দৃষ্টান্তমূলক কাৰ্যৰ নিদৰ্শন দেখুৱাই আহিছে বুলি মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতৰ পথ উন্নয়নৰ অগ্ৰণী কাৰিকৰী সংস্থা হিচাপে ভাৰতীয় পথ কংগ্ৰেছে পৰিবহণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ২০১৪ চনৰ পৰা পথ আৰু দলং আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত অসম উল্লেখনীয়ভাৱে পৰিৱৰ্তনৰ সাক্ষী হৈ আহিছে বুলি মন্তব্য কৰি ড° শৰ্মাই উন্নত যোগাযোগৰ জৰিয়তে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই সময়ছোৱাত ৰাজ্যিক পথসমূহত ৩ হাজাৰ ১১২ খন স্থায়ী দলং নিৰ্মাণ কৰাৰ উপৰি ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ দলঙৰ সংখ্যা ৩ৰ পৰা ৭ লৈ বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, যে দীৰ্ঘম্যাদী পৰিকল্পনা, সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু গুণগত মান তথা স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে এনে সাফল্য সম্ভৱ হৈছে। বিশ্বমানৰ পৰিবহণ নেটৱৰ্ক গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস চলাই আহিছে বুলি মন্তব্য কৰি ড° শৰ্মাই কয়, যে ইয়াৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰাকৈ সুচল পৰিবহণ ব্যৱস্থা গঢ়ি তুলিব বিচৰা হৈছে। ইয়াৰ বাবে ২০ বছৰীয়া পৰিকল্পনাৰে ৰাজ্যখনৰ প্ৰতিটো প্রান্তকে সামৰি বিস্তৃত পথ যোগাযোগ আঁচনি প্ৰস্তুত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ড° শৰ্মাই আন্তঃগাঁথনি উন্নয়নৰ লগে লগে গুণগত নিশ্চয়তা, বহনক্ষমতা আৰু বিকাশৰ দিশত থকা প্ৰত্যাহ্বানসমূহ দূৰ কৰিব লাগিব বুলিও উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক