ভাৰতীয় ৰে’লৱেই দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত যাত্ৰীৰ ভীৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো হাজাৰৰো অধিক বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাইছে। ৰে’লৱেই যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ২ হাজাৰ ৫০০ৰো অধিক অতিৰিক্ত ৰে’লগাড়ীৰ চলাচল কৰোৱাইছে। অলপতে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিগত বৰ্ষৰ ৪ হাজাৰ ৫০০ খন ৰে’লগাড়ীৰ তুলনাত চলিত বৰ্ষত ৭ হাজাৰ খন বিশেষ ৰেলগাড়ী চলাচল কৰোৱাৰ কথা ঘোষণা কৰিছিল। তেওঁ এই বিশেষ ৰে’লগাড়ীকেইখনে প্রতিদিনে প্রায় ২ লাখ অতিৰিক্ত যাত্ৰী যাত্ৰা কৰিব পাৰিব বুলিও প্ৰকাশ কৰিছে। ৰেলৱেই উৎসৱৰ বতৰত যাত্ৰীৰ বৰ্ধিত সংখ্যালৈ চাই উন্নত ভীৰ নিয়ন্ত্ৰণ আৰু দিল্লীৰ ঘাই ঘাই ৰেল ষ্টেছনসমূহত যাত্ৰীসকললৈ সূচল সেৱা আগবড়োৱাৰ উদ্দেশ্যে ভালেমান পদক্ষেপ লৈছে। আমাৰ সংবাদদাতাই জনাইছে যে, গুৰুত্বপূৰ্ণ ষ্টেছনসমূহত অতিৰিক্ত টিকট কাউণ্টাৰ স্থাপন কৰা হৈছে। ইয়াৰ উপৰি যাত্ৰীৰ আৱশ্যকতা পূৰণৰ উদ্দেশ্যে স্বয়ংক্রিয় ভেন্দিং মেচিন, অনুসন্ধান কেন্দ্ৰ, আহাৰ যোগান সেৱা, খোৱাপানী আৰু ভ্ৰাম্যমান শৌচালয়ো স্থাপন কৰা হৈছে ।