সমগ্ৰ দেশতে আজিৰেপৰা ৰে’লৰ নতুন সময়সূচী কার্যকৰী হৈছে। এই নতুন সময়সূচীত উত্তৰ পূব সীমান্ত ৰে’লৰ অধীনত চলাচল কৰা মুঠ ৪৩ খন ৰে’লগাড়ীৰ বেগ দ্রুত হোৱাৰ ফলত যাত্ৰাকাল দুঘণ্টা পর্যন্ত হ্রাস পাব। যাত্রাকাল হ্রাস পাবলগীয়া ৰে’লগাড়ীসমূহৰ ভিতৰত নিউ তিনিচুকীয়া আৰু বাংগালুৰুৰ মাজত চলাচল কৰা ২২৫০১ নম্বৰ এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰাকাল পূৰ্বৰ তুলনাত দুঘণ্টা হ্রাস পাব। একেদৰে ১৫০৭৭ নম্বৰৰ কামাখ্যা আৰু গোমতীনগৰৰ মাজত চলাচল কৰা এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰাৰ সময় পূৰ্বৰ তুলনাত প্রায় ডেৰ ঘণ্টা ৰাহি হ’ব। ১৫৯৬২ নম্বৰৰ কামৰূপ এক্সপ্ৰেছ নামেৰে জনাজাত ডিব্ৰুগড়-হাওৰা এক্সপ্ৰেছখনৰো যাত্ৰাৰ সময় নতুন সময়সূচী অনুযায়ী এঘণ্টা ৰাহি হ’ব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, এই নতুন সময়সূচী অনুসৰি শিলচৰ আৰু থিৰুৱনন্তপুৰমৰ মাজত চলাচল কৰা ১২৫০৮ নম্বৰ ৰে’লগাড়ীখনৰো যাত্ৰাৰ সময় কিছু সালসলনি হ’ব। ইয়াৰ লগতে উত্তৰ- পূব সীমান্ত ৰে’লৱেৰ কাটিহাৰ আৰু মালদা সংমণ্ডলৰ অধীনৰ আন ২৩ খন ৰে’লগাড়ীৰ সময়সূচীৰো সালসলনি ঘটোৱা হৈছে বুলি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জনাইছে।
Site Admin | January 1, 2025 4:19 PM | Indian Railway