ডাউনলোড
মোবাইল এপ

android apple
signal

November 2, 2024 12:19 PM | Indian Railway

printer

ভাৰতীয় ৰে’লৱেই ৭,৪৩৫ খন বিশেষ ৰে’লৰ ব্যৱস্থা

কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি সন্ধিয়া নতুন দিল্লী ৰেলৱে ষ্টেচনত উপস্থিত হৈ উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা আৰু ভ্ৰমণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। প্লেটফৰ্মত ৰেলৰ বাবে অপেক্ষা কৰি থকা একাংশ যাত্ৰীৰ সৈতেও তেওঁ মত বিনিময় কৰে। যাত্ৰীসকলৰ একাংশই জনোৱা মতে, উপযুক্ত ভিৰ ব্যৱস্থাপনাৰ বাবে তেওঁলোকে ৰেল আস্থানত সময়মতে উপস্থিত হোৱাত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। ৰেলৱে সুৰক্ষা বাহিনী আৰু ৰেলৱেৰ বিষয়াসকলে উপযুক্তভাৱে ভিৰ পৰিচালনা কৰা বাবে মন্ত্ৰী শ্ৰীবৈষ্ণৱে সন্তোষ প্ৰকাশ কৰে । সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ ৰেলৱেৰ বিষয়াসকলে যাত্ৰীসকলৰ ভ্ৰমণ মসৃন কৰি তুলিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বাবে বিষয়াসকলক প্ৰশংসা কৰে। শ্রীবৈষ্ণৱে সহযোগিতাৰ বাবে যাত্রীসকলকো ধন্যবাদ জ্ঞাপন কৰে। কেন্দ্ৰীয় ৰেলমন্ত্ৰীগৰাকীৰ মতে, যোৱা বছৰ দীপাৱলী আৰু ছট্‌ পূজা উপলক্ষে ভাৰতীয় ৰেলৱেই ৪হাজাৰ ৫০০ খন বিশেষ ৰেলৰ ব্যৱস্থা কৰিছিল। তেওঁ কোৱা মতে, এই বেলি যাত্ৰীসকলৰ সুবিধাৰ অৰ্থে ৭ হাজাৰ ৪৩৫ খন বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে। শ্রীবৈষ্ণৱে কয় যে, যোৱামাহৰ ৩১ তাৰিখলৈ এই বিশেষ ৰেলযোগে ৫১ লাখ লোকে নিজ গন্তব্য স্থানলৈ যাত্ৰা কৰিছে।

অধিক পঢ়ক

সকলো চাওক