ডাউনলোড
মোবাইল এপ

android apple
signal

ওমানৰ উপকূলৰ সমীপত তেল পৰিবাহী জাহাজ বুৰ গৈ সন্ধানহীন হোৱা ৮গৰাকী ভাৰতীয়সহ ৯গৰাকীক উদ্ধাৰ

ভাৰতীয় নৌসেনাৰ আই এন এছ টেগ নামৰ যুদ্ধ জাহাজখনে ওমানৰ উপকূলৰ সমীপত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা ৮গৰাকী ভাৰতীয়সহ চালক দলৰ ৯গৰাকী সদস্যক উদ্ধাৰ কৰিছে। কমৰোজৰ পতাকা বিশিষ্ট এম ভি প্রেষ্টিচ ফেলকন নামৰ তেল পৰিবাহী টেংকাৰখনৰ চালক দলত ১৩গৰাকী ভাৰতীয় আৰু তিনিগৰাকী শ্ৰীলংকাৰ নাগৰিক আছিল। বাকী সদস্যসকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে। ৰাছ মড্ৰকাহৰ পৰা প্ৰায় ২৫ সামুদ্রিক মাইল নিলগত তেল পৰিবাহী টেংকাৰখন বুৰ যোৱাৰ পাছত উদ্ধাৰ অভিযানত সহায় কৰাৰ বাবে ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আৰু পি-81 শ্ৰেণীৰ এখন সামুদ্রিক টহলদাৰী বিমান নিয়োগ কৰা হৈছে। ভাৰতীয় দূতাবাসে কৈছে যে তেওঁলোকে ওমানৰ কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে আৰু ওমানৰ সামুদ্রিক সুৰক্ষা কেন্দ্ৰ আৰু ভাৰতীয় নৌসেনাই অঞ্চলটোত যুটীয়াভাৱে উদ্ধাৰ অভিযান চলাই আছে।

অধিক পঢ়ক

সকলো চাওক