আজি নৌসেনা দিৱস। ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত ভাৰতীয় নৌবাহিনীয়ে ট্রাইডেণ্ট অভিযানৰ সময়ত কৰাচী বন্দৰত আক্ৰমণ কৰি পাকিস্তান নৌবাহিনীৰ পি এন এছ খাইবাৰকে ধৰি ৪ খন যুদ্ধ জাহাজ ধ্বংস কৰাৰ ৪ ডিচেম্বৰৰ দিনটো প্ৰতি বছৰে নৌসেনা দিৱস হিচাপে পালন কৰি অহা হয় । এই দিৱসত বিগত দশকসমূহত নৌবাহিনীয়ে লাভ কৰা সফলতাৰ গৌৰৱগাঁথা স্মৰণ কৰা হয়। এই উপলক্ষে আজি নৌ বাহিনীৰ মুখ্যালয় আৰু বিভিন্ন কামাণ্ডত ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।
Site Admin | December 4, 2024 12:03 PM | Indian navy day
আজি নৌসেনা দিৱস
