পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় পুৰুষ হকী দলটোক কালি ভুবনেশ্বৰ বিমানবন্দৰত অনুৰাগী আৰু ওড়িশা চৰকাৰে বিশেষভাৱে আদৰণি জনায়। ওড়িশাৰ ক্রীড়া মন্ত্ৰী সূৰ্যবংশী সুৰজ, মুখ্য সচিব ভাস্কৰ জ্যোতি শৰ্মাকে ধৰি আন চৰকাৰী বিষয়াসকলে হকী ইণ্ডিয়াৰ অধ্যক্ষ ড০ দিলীপ কুমাৰ তিৰ্কী আৰু কোষাধ্যক্ষ ছেকৰ জে মনোহৰনৰ সৈতে বিমানবন্দৰত দলটোক আদৰণি জনায়। ভাৰতীয় হকী দলটোক একেৰাহে অলিম্পিকত পদক জয় কৰা বাবে ভুবনেশ্বৰত এটা মুকলি বাছ পেৰেডেৰে সন্মান জনোৱা হয়। ইয়াৰ পাছত খেলুৱৈসকলৰ বাবে কলিংগ ষ্টেডিয়ামত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু তাৰকা ডিফেণ্ডাৰ অমিত ৰোহিদাসে ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝিক স্বাক্ষৰ সম্বলিত এটা জাৰ্চি প্ৰদান কৰে। ইফালে, ওড়িশাৰ অমিত ৰোহিদাসে মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু উপ-মুখ্যমন্ত্ৰী কনক বর্ধন সিং দেওৰ পৰা চাৰি কোটি টকাৰ বিশেষ বঁটা লাভ কৰে। একেদৰে দলৰ গ’লৰক্ষক শ্রীজেশে ৫০ লাখ টকাৰ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে বাকী খেলুৱৈসকলে ১৫ লাখ টকাকৈ লাভ কৰে।
Site Admin | August 22, 2024 11:58 AM | Indian Hockey Team receives grand welcome on arrival at Bhubaneswar airport