ভাৰতৰ সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে কাইলৈৰ পৰা বছৰযোৰা কাৰ্যসূচী উদযাপন কৰিব। অহা বছৰৰ ২৬ নৱেম্বৰলৈ এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে ১৯৪৯ চনৰ কাইলৈৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধানখন গ্ৰহণ কৰিছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান দেশত বলবৎ হয়। এই অনুষ্ঠানৰ বিষয়ে সবিশেষ উল্লেখ কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজুজুৱে কয়, যে এই উপলক্ষে নতুন দিল্লীৰ পুৰণি সংসদ ভৱন – সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে সংসদৰ দুয়োখন সদনক উদ্দেশি ভাষণ দিব। আমাৰ সংবিধান আমাৰ স্বাভিমান শীর্ষক বিষয়বস্তুলৈ আয়োজিত এই অনুষ্ঠানৰ জৰিয়তে আমাৰ সংবিধান প্রণেতা সকলৰ অৱদানক সন্মান জনোৱাৰ উপৰি সংবিধানৰ প্ৰমূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ বিচৰা হৈছে। এই সন্দৰ্ভত আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয়, যে এই অনুষ্ঠানৰ জৰিয়তে সংবিধান প্ৰণেত ৬০ বাবা চাহেব আম্বেদকাৰৰ গুৰুত্বপূৰ্ণ অৱদান আৰু সংবিধানৰ খচৰা সমিতিত অন্তৰ্ভূক্ত ১৫ গৰাকী ব্যক্তিক্ৰমী মহিলাৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰিবলৈ বিচৰা হৈছে। কাইলৈ দিল্লীত উলিয়াব লগীয়া আমাৰ সংবিধান আমাৰ স্বাভিমান পদযাত্ৰাত অলিম্পিক পদক বিজয়ী যোগেশ্বৰ দত্ত, মীৰাবাঈ চানু আৰু ৰবি দাহীয়াকে ধৰি প্ৰায় ১০ হাজাৰ লোকে অংশগ্ৰহণ কৰাৰ কথা আছে। অসমতো কাইলৈ আমাৰ সংবিধান আমাৰ স্বাভিমান শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।
Site Admin | November 25, 2024 8:09 PM | 75 years of constitution