ডাউনলোড
মোবাইল এপ

android apple
signal

ইউক্রেইনৰ সাম্প্ৰতিক পৰিস্থিতি, বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টেলিফোনৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে ইউক্রেইনৰ সাম্প্ৰতিক পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত শ্ৰী মোডীয়ে গণতান্ত্রিক প্ৰমূল্য, আইনৰ নীতি আৰু উভয় দেশৰ জনসাধাৰণৰ শক্তিশালী সম্পৰ্কৰ ভিত্তিত গঢ় লৈ উঠা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বাত্মক আন্তঃৰাষ্ট্ৰীয় কৌশলগত সহযোগিতাৰ প্ৰতি শ্ৰী বাইডেনৰ গভীৰ দায়বদ্ধতাৰ শলাগ লয়। আলোচনাকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইয়াৰ লগতে নেতা দুগৰাকীয়ে উভয় দেশৰ জনসাধাৰণ তথা সমগ্ৰ মানৱজাতিৰ কল্যাণৰ অৰ্থে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন বিষয়ত আলোকপাত কৰে। ইউক্রেইন সন্দৰ্ভত আলোচনা কৰাৰ পৰত প্ৰধানমন্ত্রী শ্রী মোদীয়ে দেশখনৰ শেহতীয়া ভ্ৰমণৰ বিষয়ে ৰাষ্ট্ৰপতি শ্ৰী বাইডেনক অৱগত কৰে। তেওঁ আলোচনা আৰু কূটনীতিৰ সপক্ষে ভাৰতৰ ধাৰাবাহিক সমর্থনৰ বিষয়ে পুনৰ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে লগতে দেশখনলৈ সোনকালে শান্তি আৰু সুস্থিৰতা ঘূৰি অহাৰ পক্ষে ভাৰতৰ সমৰ্থনৰ বিষয়ে উল্লেখ কৰে। ইপিনে আলোচনাকালত দুয়োগৰাকী নেতাই বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰে। তেওঁলোকে দেশখনত আইন শৃংখলা পুনৰ বাহাল কৰাৰ লগতে বাংলাদেশত থকা সংখ্যালঘু, বিশেষকৈ হিন্দু লোকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। নেতা দুগৰাকীয়ে লগতে কোৱাডকে ধৰি বহুপাক্ষিক মঞ্চসমূহত সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক