দেশৰ প্ৰতিৰক্ষা ক্ষমতাৰ উত্থান ঘটাই ভাৰত আৰু আমেৰিকাই ৩১ খন এম কিউ নাইন বি প্রিডেট ড্ৰ’ণ ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছে। দেশৰ কাৰ্য্যকৰী প্ৰস্তুতি আৰু সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে সম্পাদনা কৰা এই চুক্তিত এম কিউ নাইন বি স্কাই গার্ডিয়ান আৰু চি গার্ডিয়ান ড্ৰণৰ ট্ৰাই চাৰ্ভিছ ক্ৰয় কৰাটো অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে, প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামণেৰ উপস্থিতিত আজি দিল্লীত আমেৰিকা চৰকাৰৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে চুক্তি স্বাক্ষৰ কৰে। মন্ত্ৰ্যালয়ে জেনেৰেল এটমিক্স গ্ল’ৱেল ইণ্ডিয়া প্রাইভেট লিমিটেডৰ সৈতেও পাৰফমেন্স বেছড় লজিষ্টিক্সৰ বাবে পৃথক চুক্তিত স্বাক্ষৰ কৰি ড্ৰণসমূহৰ ডিপ’ পৰ্য্যায়ত ৰক্ষণাবেক্ষণ আৰু মেৰামতি নিশ্চিত কৰে। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি, শেহতীয়াকৈ চৰকাৰে আমেৰিকাৰ পৰা ৩১ খন প্রিডেটৰ ড্ৰণ ক্ৰয় কৰাৰ অনুমতি দিছে। এই ড্ৰণসমূহে দেশৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ’ব বুলি প্ৰকাশ কৰে।
Site Admin | October 15, 2024 7:49 PM | India-US