ডাউনলোড
মোবাইল এপ

android apple
signal

July 26, 2024 7:48 PM | INDIA UNESCO

printer

চৰাইদেউ মৈদাম ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা চমুকৈ ইউনেস্ক’ৱে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে সাংস্কৃতিক শ্রেণীত মৈদাম ক্ষেত্ৰখন উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ভাৰতবৰ্ষৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। চৰাইদেউ জিলাত অৱস্থিত চৰাইদেউ মৈদাম ক্ষেত্ৰক অসমৰ পিৰামিড হিচাপে অভিহিত কৰা হয় আৰু এই ক্ষেত্ৰখনত ৯০ গৰাকীতকৈও অধিক আহোম ৰাজ পৰিয়ালৰ লোকক সমাধিস্থ কৰা হৈছে। ১৩শ শতিকাৰ পৰা ১৮শ শতিকাৰ আহোম ৰাজত্বকালৰ সময়ছোৱাত এই ক্ষেত্ৰখন ৰাজ পৰিয়ালৰ লোকসকলক সমাধি দিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই ক্ষেত্ৰখনে আহোম ৰাজত্বৰ সুকীয়া ঐতিহ্য বহন কৰি আহিছে। এনে এখন ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যদা প্ৰদান কৰাৰ লগে লগে সমগ্ৰ ভৰতবাসী উৎফুল্লিত হৈছে। চৰাইদেউ মৈদাম ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকা সন্দৰ্ভত ইউনেস্ক’ৰ পূৰ্বে উল্লেখিত এক্সৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতৰ বাবে এয়া অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয়। তেওঁ লগতে কয় যে, চৰাইদেউ মৈদামবোৰে পূৰ্বপুৰুষৰ প্ৰতি সৰ্বোচ্চ শ্রদ্ধা তৰ্পণৰ গৌৰৱময় আহোম সংস্কৃতি প্ৰদৰ্শন কৰি আহিছে। বিশ্ব ঐহিত্যৰ তালিকাত স্থান লাভৰ পাছত মহান আহোম শাসন আৰু সংস্কৃতিৰ বিষয়ে অধিক লোকে জানিব পাৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মৈদামে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাটো অসমৰ বাবে স্মৰণীয় দিন হিচাপে উল্লেখ কৰে । এয়া অসমৰ বাবে এটা বৃহৎ প্রাপ্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰাইদেউ মৈদাম হৈছে অসমৰ টাই -আহোম জনগোষ্ঠীৰ গভীৰ আধ্যাত্মিক বিশ্বাস, চহকী ঐতিহ্য আৰু স্থাপত্য ভাস্কৰ্যৰ অপূৰ্ব নিদর্শন। এই প্ৰাপ্তিৰ জৰিয়তে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ পাছত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হোৱা বুলি তেওঁ প্ৰকাশ কৰে। ইফালে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্র স্বীকৃতি প্ৰদান কৰাৰ পাছত চৰাইদেউবাসী উৎফুল্লিত হৈ পৰে। জিলাখনৰ জনসাধাৰণে আনন্দ-উল্লাসৰ মাজেৰে শুভসংবাদটো উদযাপন কৰে। এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী যোগেন মহনে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অশেষ প্ৰচেষ্টাত চৰাইদেউ মৈদামে এই সন্মান লাভ কৰিছে। ইয়াৰ জৰিয়তে চৰাইদেউ মৈদামে বিশ্ব পর্যাটন মানচিত্ৰত স্থান লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা শুভক্ষণত চৰাইদেউ মৈদামত উপস্থিত হৈ ঐতিহ্যমণ্ডিত আহোম শাসনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাৰ দিনটোত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। অসম গণ পৰিষদ দলে এই বিশেষ ক্ষণত অসমবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তদুপৰি দলটোৱে এই স্বীকৃতি যাত্ৰাত অৰিহণা যোগোৱা সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক