ডাউনলোড
মোবাইল এপ

android apple
signal

September 9, 2024 8:31 PM | India UAE

printer

ভাৰত আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্র-ইউৰ মাজত ৫ খন চুক্তি স্বাক্ষৰ

ভাৰত আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্র-ইউ এ ইয়ে পাৰমানৱিক শক্তি আৰু পেট্রলিয়ামকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ৫ খন চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰে ভিতৰত বাৰাকাহ পাৰমানবিক শক্তি প্ৰকল্পৰ সঞ্চালন আৰু তদাৰক সন্দৰ্ভত এমিৰ্টেছ নিউক্লিয়াৰ এনার্জী কোম্পানী আৰু নিউক্লিয়াৰ পাৱাৰ কৰ্পৰেছন অৱ ইণ্ডিয়া লিমিটেডৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি আছে। ইয়াৰ উপৰি আবুধাবিত নেচনেল অইল কোম্পানী আৰু ইণ্ডিয়ান অইল কৰ্পৰেশ্বন লিমিটেডৰ মাজত দীর্ঘকালিন প্রাকৃতিক গেছ যোগান সন্দৰ্ভত এখন চুক্তি সম্পাদিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আবুধাবিৰ যুৱৰাজ শ্বেইখ খালিদ বিন মহম্মদ বিন জায়দ অল নাহ্বানৰ মাজত আজি নতুন দিল্লীত হোৱা আলোচনাৰ অন্তত এই চুক্তি স্বাক্ষৰিত হয়। আলোচনাকালত দুয়োগৰাকী নেতাই ভাৰত আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইৰ মাজৰ বহুমুখী সম্পৰ্ক আৰু সৰ্বাত্মক কৌশলগত সহযোগিতা নতুন তথা উদীয়মান ক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰাৰ বিষয়ে আলোচনা কৰে। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে বিয়লি ৰাষ্ট্ৰপতিভৱনত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত আৰু ইউ ই এৰ মাজৰ ঘণিষ্ঠ আৰু মৈত্ৰীপূৰ্ণ সম্পৰ্কৰ প্ৰশংসা কৰে। যুৱৰাজগৰাকীয়ে আজি ৰাজঘাটলৈ হৈ মহাত্মা গান্ধীৰ সমাধিতো পুস্পার্ঘ্য নিবেদন কৰে।

অধিক পঢ়ক

সকলো চাওক