ভাৰত আৰু শ্ৰীলংকাই দ্বীপ ৰাষ্ট্ৰখনৰ বাগিচা অঞ্চলসমূহত ৬০টা স্মাৰ্ট শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে দ্বীপ ৰাষ্ট্ৰখনত পাঁচ হাজাৰ ৮০ লাখ শ্ৰীলংকাৰ মুদ্ৰা প্ৰদান কৰিব। ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝা আৰু শ্ৰীলংকাৰ বাগিচা মন্ত্ৰ্যালয়ৰ সচিব ভি কে প্রভাত চন্দ্ৰকীৰ্তিয়ে দেশ দুখনৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে। এই পদক্ষেপৰ জৰিয়তে নুৱাৰা এলিয়া অঞ্চলৰ ৪৮ খন আৰু কান্দি তথা বদুল্লা অঞ্চলৰ ৬খনকৈ বিদ্যালয় উপকৃত হ’ব। শ্ৰেণীকোঠাসমূহ প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নীত কৰি শিক্ষাৰ্থীসকলৰ শৈক্ষিক পৰিৱেশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই চুক্তি স্বাক্ষৰ কৰা হৈছে। উল্লেখযোগ্য যে শ্রীলংকা উন্নয়নৰ যাত্ৰাত ভাৰতে গুৰুত্বপূৰ্ণ বৰঙণি যোগাই আহিছে। ভাৰতে দ্বীপ ৰাষ্ট্ৰখনৰ শৈক্ষিক খণ্ডলৈ ইতিমধ্যে ৫০০ কোটি আমেৰিকান ডলাৰৰ বিত্তীয় সাহায্য প্ৰদান কৰিছে। ভাৰতে ইয়াৰ পূৰ্বেও বিদ্যালয়সমূহ পুনৰনিৰ্মাণ, কম্পিউটাৰ কক্ষ স্থাপন তথা শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে দ্বীপ ৰাষ্ট্ৰখনক আর্থিক সাহায্য প্ৰদান কৰিছে। অলপতে শ্ৰীলংকাৰ বাগিচা অঞ্চলৰ বিদ্যালয়সমূহৰ দুহেজাৰতকৈও অধিক শিক্ষকক বিজ্ঞান, প্রযুক্তিবিদ্যা, অভিযান্ত্ৰিক আৰু গণিতৰ প্ৰশিক্ষণ দিয়া হয়। এই প্ৰচেষ্টাৰ জৰিয়তে দ্বীপ ৰাষ্ট্ৰখনত শিক্ষা আৰু সৱলীকৰণ ত্বৰান্বিত কৰাৰ বাবে ভাৰতৰ প্রতিশ্রুতিবদ্ধতা প্রতিফলিত হৈছে।
Site Admin | January 16, 2025 8:38 PM | India to set up 60 smart classrooms in Sri Lanka
শ্ৰীলংকাৰ বাগিচা অঞ্চলসমূহত ৬০টা স্মাৰ্ট শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ভাৰত-শ্ৰীলংকাৰ চুক্তি স্বাক্ষৰ
