ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন ঘূৰণীয়া মেজমেলত আই এছ এম আৰৰ অধীনৰ ৬টা বিষয়ত আলোচনা

ভাৰত আৰু ছিংগাপুৰৰ মাজৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন ঘূৰণীয়া মেজমেল আজি অনুষ্ঠিত হয়। বৈঠকত ভাৰত আৰু ছিংগাপুৰৰ নেতাসকলে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। দুযোপক্ষই আই এছ এম আৰৰ অধীনত চিনাক্ত কৰা ডিজিটেলাইজেশ্বন, দক্ষতা বিকাশ, বহনক্ষমতা, স্বাস্থ্য সেৱা আৰু চিকিৎসা, আৰু উন্নত উৎপাদন আৰু সংযোগ আদি ছটা বিষয়ৰ ওপৰত আলোচনা কৰে। আজিৰ বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰেলৱে, তথ্য আৰু সম্প্ৰচাৰ আৰু ইলেকট্রনিক মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিয়ুষ গোৱেলে অংশগ্রহণ কৰে। ছিংগাপুৰৰ পৰা অহা প্ৰতিনিধি দলটোৰ নেতৃত্ব বহন কৰে ছিংগাপুৰৰ উপ-প্রধানমন্ত্ৰী গান কিম য়ঙে। আজিৰ বৈঠকত এছিয়ান আৰু জি টুৱেণ্টি উন্নয়নকে ধৰি আঞ্চলিক আৰু বিশ্বজনীন সহযোগিতাৰ সমান্তৰালভাৱে ভাৰত আৰু ছিংগাপুৰৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী উদযাপনৰ পৰিকল্পনা সন্দৰ্ভতো আলোচনা কৰা হয়। নেতাসকলে কয় যে, এই এছ এম আৰৰ প্ৰথম ৰাউণ্ডৰ সময়ত হোৱা আলোচনাৰ ফলত স্বাস্থ্য সেৱা, শিক্ষা, দক্ষতা বিকাশ, ডিজিটেল সহযোগিতা আৰু অৰ্ধপৰিবাহী পৰিবেশ তন্ত্ৰৰ অধীনত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ আগেয়ে ভাৰতীয় মন্ত্ৰীসকলে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰ্মন ছানমুগাৰাত্নম আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙক সাক্ষাৎ কৰে। তেওঁলোকে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ ছিংগাপুৰৰ ৰাষ্ট্ৰপতিক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ড০ জয়শংকৰে কয় যে, থৰ্মন ছানমুগাৰাত্নমৰ নেতৃত্বত ভাৰত ছিংগাপুৰৰ কৌশলগত অংশীদাৰিত্ৱক অধিক আগুৱাই নিয়াৰ উপায়ৰ বাবে ভাৰতে তেওঁৰ শলাগ লয়। উল্লেখযোগ্য যে, ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক সম্পর্কক নতুন শিখৰলৈ লৈ যোৱাৰ উদ্দেশ্যে কাৰ্য ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিষ্ঠা কৰা আই এছ এম আৰ হৈছে এটা অনন্য ব্যৱস্থা। ২০২২ চনৰ ছেপ্টেম্বৰত ইয়াৰ উদ্বোধনী বৈঠক অনুষ্ঠিত হৈছিল। আজি অনুষ্ঠিত হোৱা বৈঠকে উভয় পক্ষকে তেওঁলোকৰ কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশ পর্যালোচনা কৰা আৰু অধিক উন্নত কৰি তোলাৰ পথ প্রশস্ত কৰে। ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত ছিংগাপুৰ প্ৰধান উৎস হিচাপে পৰিগণিত হৈ আহিছে। ২০২৩-২৪ চনত ভাৰতীয় বজাৰত ছিংগাপুৰে এহেজাৰ ১৭৭ কোটি ডলাৰ বিনিয়োগেৰে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত সৰ্বাধিক বিনিয়োগকাৰী হিচাপে চিহ্নিত হৈছে। ইপিনে দ্বিপাক্ষিক বিনিয়োগৰ ক্ষেত্ৰত ২০২৩-২৪ বৰ্ষত সৰ্বমুঠ ৩ হাজাৰ ৫৬১ কোটি ডলাৰৰ ব্যৱসায়েৰে ছিংগাপুৰ ভাৰতৰ ষষ্ঠ বৃহত্তম গোলকীয় বাণিজ্যিক অংশীদাৰত পৰিণিত হৈছে।

অধিক পঢ়ক

সকলো চাওক