ডাউনলোড
মোবাইল এপ

android apple
signal

চেন্নাইত অনুষ্ঠিত টেষ্ট মেচত দক্ষিণ আফ্ৰিকাক ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ১০ উইকেটত পৰাস্ত

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট মেচত ভাৰতৰ মহিলা ক্রিকেট দলটোৱে দক্ষিণ আফ্ৰিকাক ১০ উইকেটত পৰাস্ত কৰে। প্রথম ইনিংছত ভাৰতে চমকপ্ৰদ বেটিঙেৰে ৬টা উইকেটৰ বিনিময়ত ৬০৩ ৰান কৰি ইনিংছ ঘোষণা কৰিছিল। ভাৰতৰ হৈ প্রথম ইনিংছত শেফালী বাৰ্মাই প্ৰথমবাৰৰ বাবে দ্বিশতক আৰু স্মৃতি মান্ধানাই শতক অৰ্জন কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেট দলটো প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ২৬৬ ৰানহে সংগ্ৰহ কৰে। ফ’ল’ অন কৰি দ্বিতীয় ইনিংছ আৰম্ভ কৰে দক্ষিণ আফ্ৰিকাই। প্রথম ইনিংছত ভাৰতৰ বলাৰ স্নেহ ৰানাই ৮টা উইকেট দখল কৰে। দ্বিতীয় ইনিংছত আলহী দলটোৱে ল’ৰা উলভাৰ্ড আৰু ছুনে লুছেৰ শতকৰ সহায়ত আটাইকেইটা উইকেট হেৰুৱাই ৩৭৩ ৰান সংগ্ৰহ কৰে আৰু ৩৬ ৰানৰ অগ্ৰগতি লাভ কৰে। ভাৰতীয় মহিলা ক্রিকেট দলটোৱে অতি সহজে ৩৭ ৰানৰ জয়ৰ লক্ষ্যত উপনীত হয়। উল্লেখ্য, টেষ্ট মেচখন চাৰি দিনতে সমাপ্ত হয়।

ইপিনে, দল দুটাই ৫ জুলাইৰ পৰা চেন্নাইত হ’বলগীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত অংশগ্রহণ কৰিব। ইয়াৰ পূৰ্বে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বেংগালুৰুত অনুষ্ঠিত এদিনীয়া শৃংখলাত ৩-০ ব্যবধানত জয়লাভ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক