ডাউনলোড
মোবাইল এপ

android apple
signal

অক্টোবৰত দেশৰ খুচুৰা মুদ্রাস্ফীতি ৬. ২– ১ শতাংশলৈ বৃদ্ধি

অক্টোবৰত দেশৰ খুচুৰা মুদ্রাস্ফীতি ৬.২–১ শতাংশলৈ বৃদ্ধি পাইছে। চেপ্তেম্বৰত এই পৰিমাণ ৫ দশমিক ৪ – ৯ শতাংশ আছিল। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি অক্টোবৰত গ্রামাঞ্চলত মুদ্রাস্ফীতি ৬ দশমিক ৬-৮ শতাংশলৈ আৰু নগৰাঞ্চলত মুদ্রাস্ফীতি ৫ দশমিক ৬-২ শতাংশ হয়। ইপিনে, সৰ্বভাৰতীয় উপভোক্তা খাদ্য মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি অক্টোবৰত ১০ দশমিক ৮-৭ শতাংশলৈ বৃদ্ধি পাইছে। শাক-পাচলি, ফলমূল, তেল আৰু চৰ্বিজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি পোৱাৰ বাবে মুদ্রাস্ফীতি উর্ধমুখী হোৱা বুলি কোৱা হৈছে। এই সময়ছোৱাত মাহজাতীয় শস্য, কণী, চেনী, বিস্কুত, মিঠাই, মচলা আদিৰ মুদ্রাস্ফীতি হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

অধিক পঢ়ক

সকলো চাওক