ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতে ১০০ কোটি টনতকৈও অধিক কয়লা আৰু লিগনাইট উৎপাদন কৰিব পৰাটো দেশৰ বাবে ঐতিহাসিক মাইলৰ খুঁটিঃ প্রধানমন্ত্ৰী মোদী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতে ১০০ কোটি টনতকৈও অধিক কয়লা আৰু লিগনাইট উৎপাদন কৰিব পৰাটো দেশৰ বাবে ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত প্ৰধান মন্ত্রী মোডীয়ে কয় যে ইয়াৰ জৰিয়তে ভাৰত আত্মনিৰ্ভৰশীলতাৰ দিশত আৰু এখোজ আগবাঢ়ি যোৱাটো নিশ্চিত হৈছে।

Read More News :

কয়লা মন্ত্রী প্রহ্লাদ যোশীয়ে এই সন্দৰ্ভত কয় যে প্ৰথমবাৰৰ বাবে ভাৰতৰ কয়লা আৰু লিগনাইট উৎপাদনে এশকোটি টন অতিক্ৰম কৰিছে। তেওঁ কয় যে চৰকাৰৰ পূৰ্ণ সহযোগিতাৰ বাবে যোৱা ১০ বছৰত কয়লা আৰু লিগনাইট উৎপাদন ৭০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কয়লা খণ্ডই বিকশিত ভাৰতৰ সপোন আৰু এখোজ আগুৱাই নিছে বুলিও কয়লা মন্ত্রী প্রহ্লাদ যোশীয়ে উল্লেখ কৰে।