ভাৰত আৰু পোলেণ্ডে উভয় দেশৰ মাজৰ সম্পৰ্ক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। পোলেণ্ডৰ ৰাজধানী ৱাৰৰ্শ্বত আজি দেশখনৰ প্ৰধানমন্ত্রী ডনাল্ড টাস্কৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ পাছত এটা প্ৰেছ বিবৃতিযোগে শ্রী মোদীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয় যে, এই বছৰতে দেশ দুখনে পাৰস্পৰিক কূটনৈতিক সম্পৰ্কৰ ৭০ সংখ্যক বাৰ্ষিকী উদযাপন কৰিব। ভাৰত আৰু পোলেণ্ডৰ সম্পৰ্ক গণতন্ত্ৰ আৰু আইনৰ বিধিৰ দৰে উমেহতীয়া প্ৰমূল্যৰ ওপৰত নিৰ্ভৰশীল বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে, ৪৫ বছৰৰ পাছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে পোলেণ্ড ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোৱে দুয়োখন দেশৰ সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰিছে। ২০২২ চনত ইউক্রেইনত উদ্ভৱ হোৱা পৰিস্থিতিৰ সময়ত পোলেণ্ডে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰৰ ক্ষেত্ৰত কৰা সহায় দেশখনে কেতিয়াও নাপাহৰে বুলি প্ৰধানমন্ত্রীয়ে মন্তব্য কৰে। দেশ দুখনে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিকট সমন্বয়ৰে অগ্ৰসৰ হৈছে বুলিও তেওঁ কয়। ইপিনে গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে ৰাষ্ট্ৰসংঘ আৰু অন্য আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সংস্কাৰ সাধন কৰাটো সময়ৰ দাবী হিচাপে চিহ্নিত হৈছে বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ পোলেণ্ডৰ কোম্পানীসমূহক বিশ্ববাসীৰ বাবে সামগ্ৰী উৎপাদন কৰিবলৈ ভাৰতৰ মেক ইন ইণ্ডিয়া অভিযানত যোগ দিয়াৰ বাবে আহ্বান জনায়। তেওঁ কয় যে, অহা বছৰ জানুৱাৰীত পোলেণ্ডে ইউৰোপীয় সংঘৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিব। পোলেণ্ডৰ সমৰ্থনে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাত সহায় কৰিব বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। প্রধানমন্ত্রীয়ে কয় যে যিকোনো বিপর্যয়ত নীৰীহ লোকৰ প্ৰাণনাশ সমগ্ৰ মানৱজাতিৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। ইউক্রেইন আৰু পশ্চিম এছিয়াৰ সংঘৰ্ষ সকলোৰে বাবে উদ্বিগ্নতাৰ বিষয় বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, ভাৰতে যুদ্ধৰ জৰিয়তে কোনো সমস্যা সমাধান কৰিব পৰা নাযায় বুলি দৃঢ়ভাৱে বিশ্বাস কৰে। বৈঠকত প্রধানমন্ত্রী মোদী আৰু টাস্কে দ্বিপাক্ষীক সম্পৰ্কৰ পৰ্যালোচনা চলায় আৰু ভালেমান বিষয়লৈ আলোচনা কৰে। পোলেণ্ডৰ প্ৰধানমন্ত্রী ডোনাল্ড টাস্কে কয় যে, ভৌগোলিক ব্যৱধান, ভিন্ন পৰম্পৰা আৰু ইতিহাস সত্বেও দুয়োখন দেশে পৰস্পৰক ভালদৰে বুজি পায়। তেওঁ কয় যে, সমগ্র বিশ্বই গণতান্ত্রিক চৰকাৰৰ বাবে ভাৰতবৰ্ষক প্ৰশংসা কৰে। ভাৰতবৰ্ষই জনাদেশ অনুসৰি চৰকাৰ নিৰ্বাচিত হয় বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ পূৰ্বে ৱাৰশ্বত প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। প্রধানমন্ত্ৰীয়ে পোলেণ্ডৰ হকে প্ৰাণ আহুতি দিয়া অজ্ঞাত সৈনিকৰ স্মাৰক শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। শ্ৰী মোদীয়ে পোলেণ্ডৰ ৰাষ্ট্ৰপতি আজে ডুতাকো সাক্ষাৎ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দ্বিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ আমন্ত্ৰণ মর্মে ইউক্রেইনত উপস্থিত হ’ব। এয়া হ’ব ১৯৯২ চনত দ্বিপাক্ষিক সম্পৰ্ক আৰম্ভ হোৱাৰ পাছৰে পৰা কোনো ভাৰতীয় প্রধানমন্ত্ৰীৰ প্ৰথম ইউক্রেইন ভ্রমণ। কীভত প্রধানমন্ত্ৰী মোদী ৰাজনীতি, ব্যৱসায়, অর্থনীতি, বিনিয়োগ, শিক্ষা, সংস্কৃতি, জনসম্পৰ্ক আৰু মানৱীয় সাহায্যকে ধৰি বিভিন্ন দ্বিপাক্ষিক বিষয় লৈ আলোচনা কৰিব। শ্রীমোদীয়ে লগতে শিক্ষার্থীসহ ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতে মত বিনিময়ো কৰিব। প্ৰধানমন্ত্ৰীৰ এই ঐতিহাসিক ইউক্রেইন ভ্রমণে দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰসাৰত সহায় কৰিব।
Site Admin | August 22, 2024 8:19 PM | India polland