ডাউনলোড
মোবাইল এপ

android apple
signal

October 23, 2024 11:34 AM | India-Pak kartarpur

printer

শ্ৰী কৰ্টাৰপুৰ চাহিব কৰিড’ৰ সম্পৰ্কীয় চুক্তিৰ ম্যাদ পাঁচ বছৰৰ বৃদ্ধি

ভাৰত আৰু পাকিস্তানে শ্ৰী কৰ্টাৰপুৰ চাহিব কৰিড’ৰ সম্পৰ্কীয় চুক্তিৰ ম্যাদ আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে চুক্তিৰ ম্যাদ পাঁচ বছৰৰ বাবে সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্তই পাকিস্তানলৈ যোৱা ভাৰতীয় তীর্থযাত্ৰীসকলৰ যাত্ৰা সূচল কৰি তুলিব। কৰ্টাৰপুৰ চাহিব কৰিড’ৰ পথেৰে ভাৰতৰ পৰা প্ৰতি বছৰে হাজাৰ হাজাৰ শিখ তীর্থযাত্রী পাকিস্তানলৈ যায়। কেন্দ্ৰীয় চৰকাৰে তীৰ্থযাত্ৰীসকলৰ সুবিধার্থে ২০১৯ চনৰ ২৪ অক্টোবৰত ৫ বছৰৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰিছিল। ম্যাদ সমাপ্ত হোৱাৰ পূৰ্বেই চুক্তিখন আৰু পাঁচ বছৰৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে। পাকিস্তান চৰকাৰে শ্ৰী কৰ্টাৰপুৰ চাহিব দৰ্শনৰ বাবে যোৱা ভাৰতীয় তীর্থযাত্ৰীসকলৰ পৰা ২০ ডলাৰ সেৱা শুল্ক লয়। তীর্থযাত্ৰীসকলে এই সেৱা শুল্ক প্রত্যাহাৰ কৰাৰ বাবে বাৰে বাৰে দাবী জনাই আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতে শ্ৰী কৰ্টাৰপুৰ চাহিব তীর্থযাত্ৰীসকলৰ পৰা কোনো ধৰণৰ শুল্ক আদায় নকৰিবলৈ পুনৰ আহ্বান জনাইছে। বিদেশ মন্ত্রী ডº এছ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ শিখ সম্প্ৰদায়ৰ লোকসকলক তেওঁলোকৰ পৱিত্ৰ স্থানসমূহলৈ অহা-যোৱাৰ সুবিধা প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব ।

অধিক পঢ়ক

সকলো চাওক