গোলকীয় বিষয়সমূহে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰবাবে অহা ১০ বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্ব-নিৰ্ভৰশীল হ’ব লাগিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, গোলকীয় বিষয়সমূহে যাতে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰবাবে অহা ১০ বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্ব-নিৰ্ভৰশীল হ’ব লাগিব। মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত সমাৰোহত ভাষণ প্ৰসংগত প্রধানমন্ত্রীয়ে কয় যে, ভাৰতৰ বেংকিং খণ্ডৰ ব্যাপক পৰিৱৰ্তন সাধন হৈছে আৰু ই এটা অধ্যয়নৰ বিষয়বস্তু হৈ পৰিছে। যোৱা দশকটোত কেন্দ্ৰীয় চৰকাৰ আৰু আৰ বি আয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে বেংকিং খণ্ড এতিয়া লাভজনক স্থিতিত উপনীত হৈছে। ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ পুনৰ উদ্ধাৰৰ বাবে চৰকাৰে চাৰে ৩ লাখ কোটি টকা বিনিয়োগ কৰিছে। তেওঁ লগতে কয় যে, ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ অ-সম্পাদিত সম্পদৰ পৰিমাণ ২০১৮ চনতকৈ তিনি শতাংশ কমি যোৱা বছৰৰ চেপ্তেম্বৰত ১১ দশমিক ২-৫ শতাংশ হৈছে। শ্ৰী মোদীয়ে কয় যে, যুটীয়া বেলেঞ্চ শ্বীটৰ সমস্যা সম্প্ৰতি পুৰণি বিষয়ত পৰিণত হৈছে আৰু বেংকে সম্প্ৰতি ১৫ শতাংশ ঋণ বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে। এই সকলো ক্ষেত্ৰতে আৰ বি আয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিত্ত ৰাজ্য মন্ত্ৰী ভগৱত কিষাণ ৰাও কাৰাড তথা পংকজ চৌধুৰীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে, ৰিজাৰ্ভ বেংকৰ বিকাশ দেশৰ অৰ্থব্যৱস্থাৰ বিকাশৰ সৈতে ওতপ্ৰোতঃভাৱে জড়িত হৈ আছে।

অধিক পঢ়ক

সকলো চাওক