আগন্তুক ৭দিনত পশ্চিম হিমালয় অঞ্চলৰ ঠাইবিশেষে পাতলীয়া বৰষুণ আৰু তুষাৰপাতৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী সাত দিনত পশ্চিম হিমালয় অঞ্চলৰ ঠাইবিশেষে পাতলীয়া বৰষুণ আৰু তুষাৰপাত হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে ৫ এপ্রিল পৰ্য্যন্ত উত্তৰ-পশ্চিম ভাৰতৰ সমভূমি অঞ্চলৰ কেতবোৰ ঠাইত মজলীয়া বৰষুণ হ’ব পাৰে বুলি প্ৰকাশ কৰিছে। জম্মু-কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজফ্‌ফ্ফৰাবাদ আৰু হিমাচল প্ৰদেশত অহা তিনি দিন পর্য্যন্ত বিজুলী ঢেৰেকণিৰে ধুমুহা-বৰষুণ হ’ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সম্ভাৱনা প্ৰকাশ কৰিছে।

বিভাগটোৱে লগতে অসম আৰু উত্তৰ-পূব বিহাৰত পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় ১০ মাইল ওপৰলৈকে বিস্তৃত বায়ুমণ্ডলৰ স্তৰত ঘূৰ্ণী বতাহৰ সম্ভাৱনা অব্যাহত আছে বুলি কৈছে। বিভাগটোৱে কৈছে যে, পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় ১০ মাইল ওপৰলৈকে বিস্তৃত বায়ুমণ্ডলৰ স্তৰত বংগোপসাগৰৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ আৰ্দ্ৰতা অধিক মাত্ৰাত গোট খাইছে। ইয়াৰ প্ৰভাৱত পশ্চিমবংগৰ হিমালয়ৰ কাষৰীয়া অঞ্চল আৰু ছিকিমত পৰৱৰ্তী সাত দিনলৈ বিজুলী গাজনিৰে ধুমুহা-বৰষুণ হ’ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে পূর্বানুমান প্ৰকাশ কৰিছে।

Read More : 

একেদৰে, অসম আৰু মেঘালয়ৰ ঠাইবিশেষে বৃহস্পতিবাৰলৈ আৰু অৰুণাচল প্ৰদেশত শুকুৰবাৰলৈ ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাত হ’ব পাৰে। বতৰ বিজ্ঞান বিভাগে লগতে মধ্য প্রদেশ, বিদর্ভ, তেলেংগানা আৰু কৰ্ণাটকৰ উত্তৰ প্ৰান্তৰ ভিতৰুৱা অঞ্চলসমূহত পৰৱৰ্তী তিনিদিন পৰ্য্যন্ত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। ৰায়লচিমা, অন্ধ্ৰ প্ৰদেশৰ উপকূলভাগ, কেৰালা, তামিলনাড়ু, পুডুচেৰী আৰু ওড়িশাত গৰম আৰু সেমেকা হৈ থাকিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে পূর্বানুমান প্ৰকাশ কৰিছে। ইপিনে, বিভাগটোৱে দিল্লীৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব পাৰে আৰু বতাহ বলিব পাৰে বুলি কৈছে। দিল্লীত সর্বোচ্চ তাপমাত্রা ৩৩ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক

সকলো চাওক