ডাউনলোড
মোবাইল এপ

android apple
signal

August 20, 2024 8:09 PM | India & Malyasia

printer

ভাৰত আৰু মালয়েছিয়াৰ মাজত ৰাজহুৱা প্রশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ চুক্তি স্বাক্ষৰ

ভাৰত আৰু মালয়েছিয়াই শ্ৰম আৰু কৰ্মসংস্থাপন, আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধ, ডিজিটেল প্রযুক্তি, সংস্কৃতি, পৰ্যটন আৰু যুৱ তথা ক্ৰীড়া ক্ষেত্ৰৰ সহযোগিতাৰ কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে লগতে ৰাজহুৱা প্ৰশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰতো চুক্তি সম্পাদন কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী দাটোচেৰী অনৱাৰ বিন ইব্রাহিমৰ মাজত অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত এই চুক্তিকেইখন স্বাক্ষৰিত হয়। পাছত প্রধানমন্ত্রী মোদীয়ে তেওঁৰ প্ৰেছ বিবৃতিত কয় যে, ভাৰত আৰু মালয়েছিয়াই উভয় দেশৰ মাজৰ বর্ধিত কৌশলগত সহযোগিতাক সৰ্বাত্মক কৌশলগত সহযোগিতালৈ উত্তৰণ ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতাই ১০ বছৰত ভৰি দিছে আৰু বিগত দুটা বছৰত এই সহযোগিতাই নতুন গতি লাভ কৰিছে। প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত দুয়োপক্ষই পাৰস্পৰিক সহযোগিতা সকলো বিষয় সম্পর্কে বিশদভাৱে আলোচনা কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে, ভাৰত আৰু মালয়েছিয়াৰ মাজত এতিয়াও অর্থনৈতিক সহযোগিতাৰ অপাৰ সম্ভাৱনা আছে। তেওঁ কয় যে, দুয়ো পক্ষই প্ৰতিৰক্ষা ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ নতুন সম্ভাৱনা সম্পৰ্কেও আলোচনা কৰিছে। ভাৰত আৰু মালয়েছিয়াই সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দি আহিছে বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। শ্রীমোদীয়ে লগতে বিত্ত প্রযুক্তি, অর্ধপৰিবাহী, প্ৰতিৰক্ষা উদ্যোগ, কৃত্রিম বুদ্ধিমত্তা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ লেখিয়া নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে দুয়োপক্ষই ভাৰতৰ ইউ পি আইক মালয়েছিয়াৰ পেনেটৰ সৈতে সংযুক্ত কৰাৰ বাবে কাম কৰিব। শ্রীমোদীয়ে কয় যে, ভাৰত আৰু মালয়েছিয়াৰ মাজত বাণিজ্য এতিয়া ভাৰতীয় টকা আৰু মালয়েছিয়াৰ ৰিংগিটৰ জৰিয়তে কৰিব পৰা যায়। যোৱা বছৰ মালয়েছিয়াৰ পৰা ভাৰতত ৫০০ কোটি ডলাৰ বিনিয়োগ হোৱা বুলি প্ৰধানমন্ত্রীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে মালয়েছিয়া আছিয়ান আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দেশৰ গুৰুত্বপূৰ্ণ সহযোগী আৰু এইবাবেই ভাৰতে দেশখনক বিশেষ অগ্রাধিকাৰ দিয়ে। তেওঁ কয় যে, ভাৰতে ২০২৫ বৰ্ষত আছিয়ানৰ অধ্যক্ষতাৰ বাবে মালয়েছিয়াৰ পূৰ্ণ সমৰ্থন কৰিব। এই উপলক্ষে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী অনৱাৰ বিন ইব্রাহিমে কয় যে, দুয়োখন দেশে অধিক সহযোগিতা কৰিব পৰা ভালেমান ক্ষেত্র আছে। তেওঁ কয় যে, ভাৰত চহকী ঐতিহ্য, সংস্কৃতি আৰু সভ্যতাৰ এখন মহান দেশ ।

অধিক পঢ়ক

সকলো চাওক