দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪ টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪ টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ব্যাপক ৰূপত অব্যাহত আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্রার্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্রথম নীতিৰ বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্তব্য কৰে। তেওঁ ৱাৰাংগল লোকসভা সমষ্টিৰ এখন জনসভাত দলীয় প্ৰাৰ্থী আৰুৰী ৰমেশৰ সমৰ্থনত ভাষণ দিয়ে। তেওঁ কয় যে, বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাৰ বিপৰীতে কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক শাসনৰ ওপৰত গুৰুত্ব দিয়ে। প্রধানমন্ত্ৰীয়ে তেলেংগানাৰ জনসাধাৰণক বিকাশৰ লক্ষ্যৰে ভোটদান কৰিবলৈ আহ্বান জনায়। ইয়াৰ পাছতে শ্ৰীমোদীয়ে অন্ধ্ৰপ্ৰদেশৰ ৰাজমপেটত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ৰাওনা হয়। বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই আজি গৃহৰাজ্য হিমাচল প্ৰদেশত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। শ্ৰীনাড্ডাই মান্দি জিলাৰ দিয়াি ছেগলি গাঁও পঞ্চায়তৰ কোট বাগীত এখন ৰাজহুৱা সভাত অংশ লয়। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ পৰা ৰাজহুৱা প্ৰচাৰৰ শুভাৰম্ভ কৰে। বিৰোধী কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহেও প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাড়াই আজি উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত এটা সমাবেশত অংশগ্ৰহণ কৰে। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত তেওঁ ন্যায় আৰু সুশাসনৰ বাবে কংগ্ৰেছ দলক জয়ী কৰাবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক