ডাউনলোড
মোবাইল এপ

android apple
signal

ঘূৰ্ণীবতাহ ‘য়াগী’য়ে প্ৰভাৱিত কৰা দেশসমূহলৈ মানৱীয় সাহায্য প্ৰদানৰ উদ্দেশ্যে ভাৰতৰ ‘সদ্ভাব অভিযান’ মুকলি

ভাৰতে ঘূৰ্ণীবতাহ য়াগীয়ে প্ৰভাৱিত কৰা দেশসমূহলৈ মানৱীয় সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে সদ্ভাব অভিযান মুকলি কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰে যে এই অভিযানৰ অধীনত ভাৰতে ভিয়েটনামলৈ ১০ লাখ আমেৰিকান ডলাৰ পৰিমাণৰ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। এখন বিশেষ বিমানযোগে কালি ভিয়েটনামলৈ জল বিশুদ্ধিকৰণ সামগ্রী, কম্বল, পাকঘৰৰ সামগ্ৰী তথা সৌৰ চাকিকে ধৰি ৩৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হয়। নতুন দিল্লীয়ে লাউছলৈয়ো এখন বিশেষ বিমানৰ জৰিয়তে পানী বিশুদ্ধিকৰণ সামগ্ৰী, বীজাণুনাশক পদার্থ, শয়ন সামগ্রী, জেনেৰেটৰ, আঁঠুৱা তথা কম্বলকে ধৰি ১০ টন পৰিমাণৰ মানৱীয় সাহায্য প্ৰেৰণ কৰে। ইতিমধ্যে কালি সন্ধিয়া শুকান খাদ্য সামগ্রী, বস্ত্র তথা ঔষধকে ধৰি ১০ টন পৰিমাণৰ সাহায্যসহ আই এন এছ ছাটপুৰা ম্যানমাৰ অভিমুখে ৰাওনা হৈছে। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি ঘূৰ্ণীবতাহ প্ৰভাৱিত দেশসমূহলৈ মানৱীয় সাহায্য প্ৰেৰণ কৰা প্ৰথম দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। সদ্ভাব অভিযান হৈছে এক্ট ইষ্ট নীতিৰ সৈতে সংগতি ৰাখি দক্ষিণ পূব এছীয় দেশসমূহৰ সংস্থাৰ অন্তৰ্গত অঞ্চললৈ মানৱীয় সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাৰ এটা অংশ।

অধিক পঢ়ক

সকলো চাওক