ভাৰত-লাও গণতান্ত্ৰিক গণৰাজ্যৰ প্ৰতিৰক্ষা সহযোগিতা, সীমাশুল্ক, দৃশ্য-শ্ৰব্য আৰু ঐতিহ্য সংৰক্ষণকে ধৰি ৬খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু লাও গণতান্ত্ৰিক গণৰাজ্যই আজি প্ৰতিৰক্ষা সহযোগিতা, সীমাশুল্ক, দৃশ্য-শ্ৰৱ্য আৰু ঐতিহ্য সংৰক্ষণকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ছখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ভাৰতে লগতে ভাৰত ৰাষ্ট্ৰসংঘ উন্নয়ন সহযোগিতা পুঁজিৰ জৰিয়তে লাওৰ পৰিপুষ্টি সুৰক্ষা উন্নীতকৰণৰ এটা প্ৰকল্পলৈ ১০ লাখ ডলাৰৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাওৰ ৰাজধানী ভিয়েনটাইনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লাও গণতান্ত্ৰিক গণৰাজ্যৰ প্ৰধানমন্ত্রী চোনেক্সায় ছিফাণ্ডোনৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিকেইখন সম্পাদিত হয়। প্রধানমন্ত্রী মোদীয়ে আজি লাও ভ্ৰমণৰ দ্বিতীয় দিনা দেশখনৰ ৰাষ্ট্ৰপতি ফংগলাঅ’ন ছিছৌলিথক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্রধানমন্ত্রীয়ে আছিয়ান শীৰ্ষ সন্মিলনৰ সফল আয়োজনৰ বাবে ৰাষ্ট্ৰপতি ছিছৌলিথক অভিনন্দন জনায়। বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্কক লৈ আলোচনা কৰে আৰু দুয়োখন দেশৰ ঘনিষ্ঠ সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতিৱদ্ধতা প্রকাশ কৰে। ৰাষ্ট্ৰপতি ছিছৌলিথে য়াগী ঘূর্ণীবতাহৰ ফলত হোৱা বানৰ সময়ত আগবঢ়োৱা মানৱীয় সাহায্যৰ বাবে ভাৰতক ধন্যবাদ জনায়। প্রধানমন্ত্রী মোদীয়ে লগতে লাওৰ প্ৰধানমন্ত্ৰী চোনেক্সায় ছিফাঙোনৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই উন্নয়নমূলক সহযোগিতা, সামর্থ্য বৃদ্ধি, দুর্যোগ ব্যৱস্থাপনা, নৱীকৰণযোগ্য শক্তি, ঐতিহ্যৰ সংৰক্ষণ, অর্থনৈতিক সম্পর্ক, প্ৰতিৰক্ষা সহযোগিতা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন বিষয় লৈ আলোচনা কৰে। লাওৰ প্ৰধানমন্ত্রী ছিফাণ্ডোনে য়াগী ঘূৰ্ণী বতাহৰ পাছত আগবঢ়োৱা বান সাহায্যৰ বাবে ভাৰতক ধন্যবাদ জনায়। বৈঠকৰ পাছত প্ৰধানমন্ত্ৰী মোদী ভাৰতলৈ বুলি ৰাওনা হয়। ইয়াৰ পূৰ্বে, প্রধানমন্ত্ৰী মোদীয়ে ভিয়েনটাইনত অনুষ্ঠিত ঊনবিংশ পূব এছিয়া শীর্ষ সন্মিলনক সম্বোধন কৰি সমগ্ৰ অঞ্চলটোৰ শান্তি আৰু প্ৰগতিৰ বাবে মুক্ত, স্বতন্ত্র, সর্বাত্মক, সমৃদ্ধিশালী আৰু নিয়ম আধাৰিত ভাৰত-প্রশান্ত মহাসাগৰ গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ কয় যে, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ স্বাৰ্থৰ দিশৰ পৰা দক্ষিণ চীন সমুদ্ৰৰ শান্তি, সুৰক্ষা আৰু সুস্থিৰতা প্রয়োজনীয়। বিশ্বৰ বিভিন্ন অংশত অব্যাহত সংঘর্ষক লৈ উদ্বেগ প্রকাশ কৰি শ্ৰীমোদীয়ে কয় যে, সম্প্ৰসাৰণবাদ নহয়, বৰং উন্নয়নহে মূল দৃষ্টিভংগী হোৱা উচিত। বিভিন্ন অঞ্চলত অব্যাহত সংঘর্ষই গোলকীয় ছাউথ ৰূপে পৰিচিত অর্থনৈতিকভাৱে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে বুলি শ্রীমোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে, সকলোৱে ইউৰো- এছিয়া আৰু পশ্চিম এছিয়া অঞ্চলৰ শান্তি আৰু সুস্থিৰতা বিচাৰে। শ্ৰীমোদীয়ে কয় যে, বৰ্তমানৰ সময় যুদ্ধৰ সময় নহয় আৰু যুদ্ধৰ জৰিয়তে কোনো সমস্যাৰ সমাধান সূত্ৰ উলিয়াব পৰা নাযায়। সার্বভৌমত্ব, ভৌগোলিক অখণ্ডতা আৰু আন্তৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো জৰুৰী বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, মানৱীয় দৃষ্টিভংগী, আলোচনা আৰু কূটনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত। তেওঁ লগতে কয় যে, ভাৰতে এই ক্ষেত্ৰত সম্ভাৱ্য সকলো ধৰণৰ অৱদান আগবঢ়াই যাব। সন্ত্রাসবাদক গোলকীয় শান্তি আৰু সুৰক্ষাৰ বাবে গুৰুতৰ প্ৰত্যাহ্বান বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, সন্ত্রাসবাদে কঢ়িয়াই অনা সমস্যাৰ সন্মুখীন হোৱাৰ বাবে সমগ্ৰ মানৱ জাতিয়ে একেলগে কাম কৰিব লাগিব। তেওঁ কয় যে, চাইবাৰ, সমুদ্ৰ আৰু মহাকাশ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰিব লাগিব। জলপথ আৰু বায়ুক্ষেত্ৰৰ সুৰক্ষা সুনিশ্চিত কৰাটো প্ৰয়োজনীয় বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক