প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক কুৱেইট ভ্ৰমণকালত প্ৰতিৰক্ষা সহযোগিতাৰ পৰা সাংস্কৃতিক বিনিময়লৈকে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ যথেষ্ট উন্নতি পৰিলক্ষিত হৈছে।
প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত বিস্তৃত বুজাবুজিৰ চুক্তিৰে দ্বিপাক্ষিক সামৰিক সহযোগিতাৰ পৰিকাঠামো স্থাপন কৰা হৈছে। এই চুক্তিত প্রশিক্ষণ কাৰ্যসূচী, কর্মী বিনিময়, যুটীয়া সামৰিক অনুশীলন আৰু প্ৰতিৰক্ষা উদ্যোগৰ উন্নয়নৰ সহযোগিতা আদি অন্তৰ্ভুক্ত কৰা হৈছে। এই চুক্তিৰ জৰিয়তে প্ৰতিৰক্ষা সঁজুলি যোগান আৰু যুটীয়া গৱেষণা পদক্ষেপৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত দুয়োখন দেশৰ মাজত সামৰিক সম্পৰ্কৰ পৰিসৰ বৃদ্ধি পাইছে।
২০২৫-২৯ বর্ষ পর্যন্ত দুয়োখন দেশে সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিভিন্ন কলাত্মক আৰু সাংস্কৃতিক পদক্ষেপৰ জৰিয়তে জনসাধাৰণৰ মাজত সুদৃঢ় সম্পৰ্ক স্থাপন কৰিবলৈ বিচৰা হৈছে। এই কাৰ্যসূচীৰ দ্বাৰা উভয় দেশৰ সংগীত, নৃত্য, সাহিত্য আৰু নাটককে ধৰি একাধিক সৃষ্টিশীল শাখাত আদান-প্ৰদানৰ সুবিধাৰ লগতে সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু উৎসৱ আয়োজনতো গুৰুত্ব আৰোপ কৰা হৈছে।
ক্রীড়াৰ ক্ষেত্ৰতো ২০২৫-২৮ বৰ্ষৰ ভিতৰত হ‘বলগীয়া ক্রীড়াসমূহৰ বাবে দুয়োখন দেশৰ সহযোগিতাৰ কাৰ্যসূচী নিৰূপণ কৰা হৈছে। এই চুক্তিয়ে ক্রীড়া চিকিৎসা, পৰিচালনা, সংবাদমাধ্যম আৰু ক্ৰীড়া বিজ্ঞানক সামৰি লৈছে, যিয়ে দুয়োখন দেশৰ মাজত এথলেটিক সহযোগিতাৰ পথ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে কুৱেইটে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটত যোগদান কৰা সিদ্ধান্তই পৰিৱেশ সহযোগিতাৰ দিশত নতুন পদক্ষেপৰূপে পৰিগণিত হৈছে। ইয়াৰ জৰিয়তে দুয়োখন দেশে সৌৰশক্তিৰ নিয়োগক প্ৰসাৰিত কৰাৰ প্ৰচেষ্টাত একত্ৰিত হ‘ব আৰু নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰি কম কার্বনযুক্ত উন্নয়নৰ লক্ষ্যত অৰিহণা আগবঢ়াব পাৰিব।