ডাউনলোড
মোবাইল এপ

android apple
signal

October 25, 2024 6:13 PM | PM Modi

printer

ভাৰত আৰু জাৰ্মানীৰ সম্পৰ্ক প্ৰতিটো স্তৰতে সুদৃঢ় কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেঞ্চলাৰ অলাফ ছোল্‌জ আজি নতুন দিল্লীত সপ্তম আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকত সহ অধ্যক্ষতা কৰে। শ্ৰীছোল্‌জ যোৱানিশা তিনিদিনীয়া ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। আন্তঃচৰকাৰী পৰামৰ্শ বৈঠক পূৰ্ণ চৰকাৰী মঞ্চ আৰু ইয়াৰ অধীনত দুয়োপক্ষৰ মন্ত্ৰীসকলে নিজ নিজ ক্ষেত্ৰৰ দায়িত্ব সম্পর্কে আলোচনা কৰি ইয়াৰ প্ৰতিবেদন প্রধানমন্ত্ৰী আৰু চেন্সেলৰৰ হাতত প্ৰদান কৰে। দুয়োগৰাকী নেতাই সুৰক্ষা আৰু প্ৰতিৰক্ষা সহযোগিতা, ঘনিষ্ঠ অর্থনৈতিক সহযোগিতা, সেউজ আৰু বহনক্ষম উন্নয়ন অংশীদাৰিত্ব তথা উদীয়মান আৰু কৌশলগত প্ৰযুক্তিৰ ক্ষেত্ৰৰ সহযোগিতা সম্পর্কে আলোচনা কৰাৰ উদ্দেশ্যে আজি দ্বিপাক্ষিক বৈঠকত মিলিত হয়। প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু জাৰ্মানীৰ সম্পৰ্ক প্ৰতিটো স্তৰতে সুদৃঢ় কৰি আহিছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে ভাৰত-জার্মাণীৰ কৌশলগত অংশীদাৰিত্বই ২৫ বছৰ অতিক্রম কৰি আগন্তুক সময়ত এই সম্পর্কক নতুন উচ্চতা প্রদান কৰিব বুলিও উল্লেখ কৰে। নতুন দিল্লীত অনুষ্ঠিত ১৮ সংখ্যক এছিয়া স্পেছিফিক সন্মীলনত ভাৰত বৈচিত্র্য আৰু বিপদমুক্তকৰণৰ সৰ্ববৃহৎ কেন্দ্ৰ হৈ পৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল বিশ্বৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলিও প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক