ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধিৰ প্ৰতি দায়বদ্ধঃ মোডী

ভাৰতে ইটালীৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰি তোলাৰ লগতে ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধিৰ প্ৰতি দায়বদ্ধ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰিছে। কাইলৈ হবলগীয়া জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্রীয়ে এটা বিবৃতিত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে তৃতীয়টো শাসন কালত প্ৰথম বাৰৰ বাবে তেওঁ ইটালীলৈ ৰাওনা হ’ব। আনহাতে, ইটালীৰ প্ৰধানমন্ত্রী জর্জিয়া মেলনিৰ যোৱা বছৰত দুবাৰকৈ ভাৰত ভ্ৰমণে দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিছে বুলি তেওঁ কয়। জি-৭ আউটৰীচ শীৰ্ষ সন্মিলনত কৃত্রিম বুদ্ধিমত্তা, শক্তি, আফ্রিকা আৰু ভূমধ্য সাগৰীয় দেশৰ প্ৰসঙ্গই অগ্ৰাধিকাৰ লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে।
ইপিনে, বিদেশ সচিব বিনয় কোৱাট্টাই কালি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত কয় যে ভাৰতক আউটৰীচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। শ্ৰীকোৱাট্টাই কয় যে, প্রধানমন্ত্ৰীৰ এই ভ্রমণে ভাৰত আৰু গ্লোৱেল চাউথৰূপে পৰিচিত ৰাষ্ট্ৰৰ সমূহৰ বাবে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয় লৈ সন্মিলনত বিশ্ব নেতাসকলৰ সৈতে আলোচনাত সুযোগ প্ৰদান কৰিব। ভাৰতে জি-ছেভেন শীর্ষ সন্মিলনত এইবাৰকে ধৰি একাদশ বাৰ অংশগ্ৰহণ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি একেৰাহে পঞ্চম বাৰৰ বাবে সন্মিলনত অংশ লব। প্রধানমন্ত্ৰীয়ে কাইলৈ আউটৰীচ সত্ৰত ভাগ ল’ব।

অধিক পঢ়ক

সকলো চাওক