ভাৰতে আজি চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ এখন খেলত কোৰিয়াক ৩-১ গলত পৰাস্ত কৰি প্ৰতিযোগিতাত একেৰাহে চতুর্থ বিজয় সাবস্ত কৰে। খেলখনত ভাৰতৰ হৈ অৰিজিত সিং হুন্দল আৰু অধিনায়ক হৰমন প্রীত সিঙে গল দিয়ে। ইয়াং জিহুৱানে কোৰিয়াৰ হৈ একমাত্ৰ গলটো দিয়ে। ভাৰতে ইতিমধ্যে প্রথন তিনিখন খেলত চীন, জাপান আৰু মালয়েছিয়াক পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰত পৰহিলৈ হ’বলগীয়া লীগ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত পাকিস্তনৰ সন্মুখীন হ’ব। ৬ খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা ৰাউণ্ড ৰবীন ফৰমেটত অনুষ্ঠিত হৈছে। ৰাউণ্ড ৰবীন পৰ্যায়ৰ অন্তত শীৰ্ষ স্থান দখল কৰা চাৰিটা দলৰ মাজত ১৬ ছেপ্তেম্বৰত প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেল অনুষ্ঠিত হ’ব। ১৭ ছেপ্তেম্বৰত ফাইনেল খেল অনুষ্ঠিত হ’ব।
Site Admin | September 12, 2024 8:07 PM | India Hockey