ইউক্রেইনৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশৰ বাবে ভাৰত-জাৰ্মানীৰ উদ্বেগ প্রকাশ

ভাৰত আৰু জাৰ্মানীয়ে ইউক্রেইনত চলি থকা যুদ্ধ আৰু এই যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশসমূহৰ বাবে উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত সপ্তম ভাৰতজার্মানী আন্তঃচৰকাৰী পৰামৰ্শৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু জাৰ্মানীৰ চেঞ্চেলৰ অ’লাফ ছ’জে কয় যে, ইউক্রেইনত আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি শান্তি প্ৰক্ৰিয়াৰ প্ৰয়োজন আহি পৰিছে। দুয়োগৰাকী নেতাই বিশেষকৈ উন্নয়নশীল দেশসমূহত খাদ্য আৰু শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ইউক্রেইনৰ যুদ্ধৰ নেতিবাচক প্রভাব সন্দৰ্ভতো আলোচনা কৰে। তেওঁলোকে এই যুদ্ধত পৰমাণু অস্ত্ৰৰ প্ৰয়োগ কৰা হ’ব বুলি কৰা হুংকাৰক স্বীকাৰ কৰা নহ’ব বুলিও প্ৰকাশ কৰে। নেতা দুগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদে ঘোষণা কৰা উগ্ৰপন্থী সংগঠনসমূহৰ বিৰুদ্ধে একত্ৰিত প্ৰয়াস কৰাৰ বাবেও আহ্বান জনায়। তেওঁলোকে পশ্চিম এছিয়াত শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে যোৱা বছৰ ৭ অক্টোবৰত পেলেষ্টাইনৰ সশস্ত্ৰ গোট হামাছৰ আক্ৰমণকো গৰিহণা দিয়ে। তেওঁলোকে গাজাত বহু সংখ্যক নাগৰিকৰ মৃত্যুৰ বাবে গভীৰ শোক প্ৰকাশ কৰে আৰু অঞ্চলটোত অতি সোনকালে সংঘৰ্ষ বিৰাম আৰু মানৱীয় সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰতো জোৰ দিয়ে। তেওঁলোকে কয় যে, এই সংঘর্ষক প্ৰতিৰোধ কৰাৰ বাবে চুবুৰীয়া দেশসমূহে নিজৰ দায়িত্ব পালন কৰিব লাগিব। ভাৰত আৰু জাৰ্মাণীয়ে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সমৃদ্ধি আৰু সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। এই অঞ্চলটোত সহযোগিতা বৃদ্ধি কৰাৰ লগতে সামুদ্রিক চলাচল নিৰীক্ষণ কৰাৰ বাবে জাৰ্মানীয়ে হাৰিয়ানাৰ গুৰুগ্ৰামত এটা স্থায়ী কেন্দ্ৰ স্থাপন কৰিব।

অধিক পঢ়ক

সকলো চাওক