ভাৰত আৰু গায়ানাই স্বাস্থ্য, হাইড্ৰ’কাৰ্বন, কৃষি আৰু আনুসংগিক খণ্ডসমূহত সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে তিনিখন চুক্তি স্বাক্ষৰ কৰিছে। দুয়োখন দেশে চিকিৎসা সামগ্রী, জন ঔষধী আঁচনি, সাংস্কৃতিক বিনিময় কাৰ্যসূচী গায়ানাত ইউ পি আই প্ৰণালী আৰম্ভ কৰা আৰু প্ৰসাৰ ভাৰতী তথা গায়ানাৰ ৰাষ্ট্ৰীয় যোগাযোগ নেটৱৰ্কৰ মাজত প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে কেইবাখনো বুজাবুজিৰ চুক্তিও সম্পাদন কৰে। ইয়াৰ উপৰি গায়ানাৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা প্ৰতিষ্ঠান আৰু গুজৰাটৰ প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ মাজতো এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গায়ানাৰ ৰাষ্ট্ৰপতি ড° মহম্মদ ইৰফান আলীৰ মাজত কালি সন্ধিয়া হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত দুয়োখন দেশৰ মাজত এই চুক্তিসমূহ সম্পাদিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা যুটীয়া বিবৃতি যোগে কয়, যে ভাৰত আৰু গায়ানাই সকলো বিষয়ৰ সমাধানৰ বাবে আলোচনা আৰু কূটনীতিৰ সহায় লোৱা উচিত বুলি মতপোষণ কৰে। তেওঁ কয়, যে দুয়োখন দেশে গোলকীয় প্রতিষ্ঠানসমূহৰ সংস্কাৰ সময়ৰ আহ্বান হৈ পৰা বুলিও সহমত প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে জলবায়ু ন্যায় দুয়োখন দেশৰ বাবে উমৈহতীয়া অগ্ৰাধিকাৰৰ বিষয় আৰু দেশ দুখনে সকলো ক্ষেত্ৰত প্ৰগতিৰ চেষ্টা অব্যাহত ৰাখিব। গায়ানা আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট, বিপর্যয় প্ৰতিৰোধী আন্তঃগাঁথনি জোঁট আৰু গোলকীয় জৈৱ ইন্ধন জোঁটৰ লেখীয়া ভাৰতে গ্ৰহণ কৰা বিভিন্ন উদ্যমৰ সৈতে জড়িত বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এনে ধৰণৰ সহযোগিতাই দুয়োখন দেশক সেউজ আৰু বহণক্ষম ভৱিষ্যতৰ প্ৰয়াস সুদৃঢ় কৰাত সহায় কৰিব। গায়ানাৰ ৰাষ্ট্ৰপতি ড° মহম্মদ ইৰফান আলীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা আলোচনাক অতিকে ফলপ্ৰসূ বুলি অভিহিত কৰে। এই আলোচনাই দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ লগতে সহযোগিতাৰে আঞ্চলিক আৰু গোলকীয় উদ্বেগ দূৰ কৰাৰ প্ৰতি থকা উমৈহতীয়া প্ৰতিশ্ৰুতি শক্তিশালী কৰি তুলিব। প্রধানমন্ত্ৰী মোদীৰ ভ্ৰমণে দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত মাইলৰ খুঁটি ৰূপে পৰিগণিত হ’ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে আৰু উন্নয়নশীল দেশসমূহৰ ক্ষেত্ৰত লোৱা নেতৃত্ব আৰু অৱদানৰ বাবে চেম্পিয়ন এমং লিডাৰ্ছ বুলি অভিধা প্ৰদান কৰে। পাছত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ইৰফান আলীয়ে মাতৃৰ নামত এজোপা গছ উদ্যমৰ অধীনত জর্জটাউনত এটি গছ পুলি ৰোপণ কৰে। প্ৰধানমন্ত্ৰীয়ে আজি গায়ানাৰ সংসদক সম্বোধন কৰিব। তেওঁ লগতে গায়ানা আৰু কেৰিবীয় অঞ্চলৰ আগশাৰীৰ ক্ৰিকেট খেলুৱৈসকলৰ সৈতেও মত বিনিময় কৰিব। তেওঁ আজি দেশখনত বাস কৰা ভাৰতীয়মূলৰ লোকসকলৰ এটা সমাৱেশতো ভাষণ দিয়াৰ কথা আছে।
Site Admin | November 21, 2024 11:56 AM | PM modi gayana