ডাউনলোড
মোবাইল এপ

android apple
signal

‘নীট’ৰ স্নাতক পাঠ্যক্ৰমৰ বাবে খালী আসনসমূহ পূৰাবলৈ বিশেষ কাউন্সেলিং অনুষ্ঠিতৰ বাবে চিকিৎসা পৰিষদ সমিতিক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে দেশত চিকিৎসকৰ সংখ্যা প্রয়োজন অনুপাতে কম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা পৰিষদ সমিতিক ৰাষ্ট্ৰীয় যোগ্যতা নির্ণয়কাৰী প্ৰৱেশ পৰীক্ষা, নীটৰ স্নাতক পাঠ্যক্ৰমৰ বাবে খালী হৈ থকা আসনসমূহ পূৰ কৰিবলৈ বিশেষ কাউন্সেলিং অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছে। ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে লগতে প্ৰৱাসী ভাৰতীয়ৰ বাবে সংৰক্ষিত খালী আসনসমূহ সাধাৰণ শ্ৰেণীলৈ পৰিৱৰ্তন কৰাৰ নিৰ্দেশ দিয়ে। এই আসনসমূহ ৰাজ্যিক নামভৰ্তি কৰ্তৃপক্ষৰ জৰিয়তে পূৰ কৰিব লাগিব বুলি ন্যায়ালয়ে লগতে নির্দেশ দিয়ে। দেশৰ চিকিৎসকৰ এনে নাটনিৰ সময়ত এই চিকিৎসা আসনসমূহ অথলে যাব নালাগে বুলি নির্দেশটোত উল্লেখ কৰা হৈছে। ন্যায়ালয়ে নামভর্তি কৰ্তৃপক্ষক খালী হৈ থকা আসনসমূহৰ বাবে নতুনকৈ অথবা বিশেষ কাউন্সেলিঙৰ ব্যৱস্থা কৰাৰ লগতে যিকোনো প্ৰকাৰে অহা ৩০ডিচেম্বৰৰ ভিতৰত নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক