ভাৰত ২০৪৭ চনৰ ভিতৰত মহাশক্তিত পৰিণত হ’ব বুলি পূর্বানুমান অর্থনৈতিক বিশেষজ্ঞ মার্টিন ৰুফৰ

■ Financial Times নামৰ ইংৰাজী ভাষাৰ দৈনিক বাতৰিখনৰ মুখ্য অর্থনৈতিক বিশেষজ্ঞ মার্টিন ৰুফে ভাৰত ২০৪৭ চনৰ ভিতৰত মহাশক্তিত পৰিণত হ’ব বুলি পূর্বানুমান কৰিছে। বাতৰি কাকতখনৰ এটা স্তম্ভলেখত ব্ৰিটেইনৰ অর্থনীতিবিদ রুফে কৈছে যে, ৪ গুন অধিক জনসংখ্যাৰে ২০৪৭ চন পর্যন্ত ভাৰতৰ আৰ্থিক উৎপাদন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান হ’ব। তেওঁ কয় যে, ২০৪৭ চনলৈকে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ বছৰি ৫ শতাংশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ২.৩ শতাংশ হ’লে ভাৰতৰ অৰ্থব্যৱস্থা ক্ৰয় শক্তি সমতাৰ ক্ষেত্ৰত আমেৰিকাৰ সম পৰ্যায়ৰ হ’ব।
শ্রীৰুফে কয় যে, ভাৰতৰ যথেষ্ট সামর্থ আছে আৰু পাশ্চত্যৰ সৈতে দেশখনৰ ভাল সম্পর্ক আছে। এনে সম্পর্ক কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলিও তেওঁ মন্তব্য কৰে। অৰ্থনীতিবিদগৰাকীয়ে কয় যে, ভাৰত বিশ্ব অর্থব্যৱস্থাত যোগসূত্র স্বৰূপ বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি আই এম এফে গণ্য কৰে। তেওঁ কয় যে, ভাৰতে বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰভাৱশালী ভূমিকা পালন কৰা ভাৰতীয় প্ৰৱাসী নাগৰিকসকলৰ পৰা সহযোগ লাভ কৰি আহিছে। ভাৰতৰ মানৱ সম্পদৰ সময়ৰ সৈতে অর্থ ব্যৱস্থালৈ বিবিধতা অনা আৰু ইয়াক উন্নত কৰি তোলাৰ সামৰ্থ আছে বুলিও অর্থনীতিবিদগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক