ভাৰত আৰু চিলিয়ে দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময় ক্ষেত্ৰত সহযোগিতাৰ বাবে কালি কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে। দুয়োপক্ষই লগতে এণ্টাৰ্কটিকা সহযোগিতাৰ বাবে অভিপ্ৰায় পত্ৰও বিনিময় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়াল ব‘ৰিক ফণ্টৰ সৈতে হোৱা আলোচনাৰ অন্তত এই চুক্তিকেইখন স্বাক্ষৰিত হয়।
শ্রীমোদীয়ে চিলিৰ ৰাষ্ট্ৰপতি গৰাকীক আদৰণি জনাবলৈ পাই অত্যন্ত আনন্দিত বুলি সামাজিক মাধ্যমযোগে প্রকাশ কৰি লগতে কয়, যে চিলি লেটিন আমেৰিকাত ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী। তেওঁ কয়, যে দেশ দুখনৰ মাজৰ আলোচনাই অনাগত দশকত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ নতুন উদ্যমৰ অন্বেষণৰ সহায় কৰিব। দুয়োখন দেশ পৰস্পৰৰ বাবে লাভদায়ক এখন সর্বাত্মক অর্থনৈতিক সহযোগিতা চুক্তি সম্পর্কে আলোচনা আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ভাৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, নৱীকৰণযোগ্য শক্তি, ৰে’ল, মহাকাশ আৰু অন্যান্য ক্ষেত্ৰত চিলিৰ সৈতে ইতিবাচক অভিজ্ঞতা বিনিময় কৰিবলৈ সাজু বুলি শ্রীমোদীয়ে মন্তব্য কৰে। চিলিৰ ৰাষ্ট্ৰপতি বৰিকে দুয়োগৰাকী নেতাই স্বাস্থ্য সম্পৰ্কে আৰু চিলিক বহনসাধ্য প্ৰযুক্তি আৰু উদ্ভাৱনৰ নিৰ্ভৰযোগ্য সহযোগী হিচাপে গঢ়ি তোলাৰ আকাংক্ষাৰ বিষয়ে আলোচনা কৰা বুলি উল্লেখ কৰে।উল্লেখযোগ্য যে, বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰেও কালি অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি ভাৰত আৰু চিলিৰ মাজৰ সহযোগিতা সূদৃঢ় কৰাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে শ্রীবৰিকক ভূয়শী প্ৰশংসা কৰে। কালি ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱা চিলিৰ ৰাষ্ট্ৰপতিগৰাকী ভ্ৰমণকালত আগ্রা, মুম্বাই আৰু বেংগালুৰুলৈ যাব।