ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বিষয়টো অধিক প্রতিনিধিত্বমূলক কৰাৰ হকে মত পোষণ কৰিছে। নিৰাপত্তা পৰিষদৰ ক্ষেত্ৰত ৰাজনৈতিক মতানৈক্যই শান্তি ৰক্ষাৰ অভিযানসমূহক প্ৰভাৱিত কৰি আহিছে বুলি উল্লেখ কৰি বিশেষকৈ আফ্ৰিকাৰ অংশগ্রহণেৰে পৰিষদক অধিক কাৰ্যকৰী কৰাৰ বিষয়ত নতুন দিল্লীয়ে গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘত ভাৰতৰ নৱ-নিযুক্ত স্থায়ী সদস্য পি হৰিশে কালি নিৰাপত্তা পৰিষদত দিয়া তেওঁৰ প্ৰথমটো ভাষণত কয় যে শেহতীয়া কেইটামান বছৰত নিৰাপত্তা পৰিষদত পৰিলক্ষিত হোৱা ৰাজনৈতিক ঐক্যৰ অভাৱে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পেলাইছে। সাম্প্ৰতিক সময়ৰ বাস্তৱিকতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা পৰিষদক বিশেষকৈ স্থায়ী সদস্য পদ বিষয়টোক অধিক প্রতিনিধিত্বমূলক কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। শান্তি ৰক্ষা প্ৰক্ৰিয়াক অধিক শক্তিশালী কৰি তোলাৰ হকে অনুষ্ঠিত বিতর্কত অংশগ্ৰহণ কৰি শ্ৰী হৰিশে লগতে কয় যে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ প্ৰক্ৰিয়াত ভাৰত সৰ্ববৃহৎ অৱদান আগবঢ়োৱা দেশ হিচাপে বিবেচিত হৈ আহিছে। বিগত ৭টা দশকত শান্তি ৰক্ষাৰ এনে অর্ধ শতাধিক অভিযানত ভাৰতৰ আঢ়ৈ লাখৰো অধিক সুৰক্ষা কৰ্মীয়ে অংশগ্ৰহণ কৰিছে।
Site Admin | September 10, 2024 7:03 PM | India Calls for UNSC Permanent Membership to be More Representative