ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি বন্ধুৰাষ্ট্ৰ ভূটানৰ সৈতে সৌহার্দ্যপূর্ণ আলোচনা অনুষ্ঠিত হয়। ভাৰত আৰু ভূটানৰ আন্তঃৰাষ্ট্ৰীয় মূল দুৱাৰৰ সন্মুখত দুয়োখন দেশৰ বিষয়ববীয়াসকলে ভাৰতীয় প্ৰতিনিধিক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। দুয়োখন দেশে পৰম্পৰা অনুসৰি পাৰস্পৰিক সন্মান প্ৰদৰ্শন কৰে। আনহাতে ভাৰতীয় প্রতিনিধিসকলে ভূটানৰ বিষয়ববীয়াক অসমীয়া গামোচা আৰু বড়ো জনগোষ্ঠীৰ আৰনাই উপহাৰ দিয়ে। অনাগত দিনত দুয়োখন দেশৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক সুদৃঢ় কৰি ৰাখিবলৈ ভাৰত আৰু ভূটানৰ বিষয়ববীয়াসকলে গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী আৰু বৰ্মাৰ বিধায়ক ভূপেন বড়োসহ আন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ভাৰতৰ স্বাধীনতা দিৱসৰ উপলক্ষে দুয়োখন দেশৰ প্ৰতিনিধিসকলে মিঠাই আদান-প্ৰদান কৰে।
Site Admin | August 14, 2024 6:39 PM