ভাৰত আৰু বাংলাদেশে উভয় ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে যোগাযোগ, বাণিজ্য আৰু সহযোগিতা বৃদ্ধিৰ অৰ্থে ভৱিষ্যৎ দৃষ্টিভংগী পত্ৰৰ আদান প্ৰদান কৰিছে। এই ভৱিষ্যনথিত ভাৰতৰ বিকশিত ভাৰত ভিজন,২০৪৭ আৰু বাংলাদেশৰ স্মাৰ্ট বাংলাদেশ ভিজন, ২০৪১ৰ ওপৰত আলোকপাত কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ মাজত আজি নতুন দিল্লীত এই নথিকেইখনৰ আদান-প্রদান হয়। প্রধানমন্ত্ৰীদ্বয়ৰ মাজৰ দ্বিপাক্ষিক আলোচনাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে দুয়োখন দেশে ডিজিটীয় সহযোগিতা সম্পৰ্কীয় নথিত স্বাক্ষৰ কৰিছে। বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ সহযোগিতা বিষয়ক নথিতো স্বাক্ষৰ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। বিদেশ সচিবগৰাকীয়ে কয় যে দুয়োপক্ষই সন্ত্রাসবাদ মৌলবাদ প্রতিহতকৰণ বিষয়ক আলোচনা ত্বৰান্বিত কৰা আৰু দুয়োখন দেশৰ মাজৰ দীঘলীয়া সীমান্তৰ শান্তিপূৰ্ণ ব্যৱস্থাপনাৰ সপক্ষে মতপোষণ কৰিছে।
ভাৰত আৰু বাংলাদেশৰ মাজত উভয় ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে যোগাযোগ, বাণিজ্য আৰু সহযোগিতা বৃদ্ধিৰ অৰ্থে ভৱিষ্যৎ দৃষ্টিভংগী পত্ৰৰ আদান-প্ৰদান
