ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতৰ বৰ্তমানৰ ৩ লাখ কোটি টকাৰ পৰা ২০৩০ চনৰ ভিতৰত ৯ লাখ কোটি টকা মূল্যলৈ বস্ত্ৰ ৰপ্তানি বৃদ্ধিৰ লক্ষ্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতে বৰ্তমানৰ ৩ লাখ কোটি টকাৰ পৰা ২০৩০ চনৰ ভিতৰত ৯ লাখ কোটি টকা মূল্যৰ বস্ত্ৰ ৰপ্তানি বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ভাৰত টেক্স-২০২৫ অনুষ্ঠানত সমৱেত লোকসকলক সম্বোধন কৰি শ্রীমোদীয়ে কয়, যে বিগত বৰ্ষত ভাৰতৰ বস্ত্ৰ ৰপ্তানি আৰু পোছাকৰ পঞ্জীয়ন ৭ শতাংশ বৃদ্ধি পাইছে। তেওঁ কয়, যে ভাৰত বৰ্তমান বিশ্বৰ ষষ্ঠ বৃহৎ বস্ত্ৰ আৰু পোছাক ৰপ্তানিকাৰী দেশ। তেওঁ কয়, যে ভাৰতে উচ্চমান সম্পন্ন কাৰ্বন ফাইবাৰ নিৰ্মাণৰ দিশত আগবাঢ়িছে। চৰকাৰে বস্ত্রখণ্ডৰ বাবে দক্ষ পুল সৃষ্টিৰ হকেও কাম কৰি আহিছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে৷

প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে ভাৰতৰ সাংস্কৃতিক বৈচিত্র্য দেশৰ বিভিন্ন স্থানত উৎপাদিত বস্ত্ৰত প্ৰতিফলিত হৈছে। তেওঁ কয়, যে ফাৰ্ম, ফাইবাৰ, ফেব্রিক, ফেশ্বন আৰু বৈদেশিক দৃষ্টিভংগী বৰ্তমান এটা অভিযানত পৰিণত হৈছে আৰু ই ভাৰতৰ বৃদ্ধিৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰিত কৰিছে। ভাৰতে পূৰ্বে অন্য দেশৰ পৰামৰ্শ মতে কাপোৰ পিন্ধিছিল যদিও এতিয়া কি কাপোৰ পিন্ধিব সেই দিশত বিশ্বক ভাৰতে পৰামৰ্শ দিব পাৰিব। তেওঁ কয়, যে হস্ততাঁত শিল্পীসকলৰ দক্ষতা বিশ্বৰ মাজলৈ লৈ যোৱাৰ লগতে তেওঁলোকৰ সামৰ্থ আৰু সুযোগো বৃদ্ধি পাব লাগে। বিগত ১০ বছৰত বস্ত্ৰশিল্পৰ প্ৰচাৰৰ বাবে দুহেজাৰ ৪০০ৰো অধিক বৃহৎ বিপণনৰ আয়োজন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

শ্রীমোদীয়ে কালি প্রদর্শনী অঞ্চল ভ্ৰমণ কৰাৰ লগতে প্ৰদৰ্শকসকলৰ সৈতে মত বিনিময় কৰে। ভাৰত টেক্স ২০২৫ অনুষ্ঠানটো যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে। আজি সামৰণি পৰিবলগীয়া এই অনুষ্ঠানত কেঁচা মালৰ পৰা আৰম্ভ কৰি বিভিন্ন আনুষংগিক সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। ভাৰত টেক্স মঞ্চ হৈছে বস্ত্ৰ উদ্যোগৰ আটাইতকৈ ডাঙৰ আৰু ব্যাপক অনুষ্ঠান।

অধিক পঢ়ক

সকলো চাওক