লাওচত থকা ভাৰতীয় দূতাবাসে গোল্ডেন ট্রাইংগল স্পেচিয়েল ইকনমিক জানত থকা কেইবাটাও চাইবাৰ স্কেম কেন্দ্ৰৰ পৰা ৭৬ গৰাকী ভাৰতীয় যুৱক-যুৱতীক উদ্ধাৰ কৰিছে। দূতাবাসে এটা বিবৃতিযোগে এই যুৱক-যুৱতীসকলক আপৰাধিক চিণ্ডিকেটসমূহে ভয়-ভাবুকি আৰু প্রলোভনেৰে বিভিন্ন চাইবাৰ অপৰাধৰ সৈতে সংযুক্ত কৰিছিল বুলি প্ৰকাশ কৰিছে। তেওঁলোকৰ মাজৰে কিছুসংখ্যক যুৱক-যুৱতীয়ে সহায় বিচাৰি কৰা অনুৰোধত তাৎক্ষণিকভাৱে সঁহাৰি জনাই দূতাবাসৰ বিষয়াসকলে সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে যত্নপৰ হয়। দূতাবাসৰ এটা দলে গোল্ডেন ট্রাইংগল স্পেচিয়েল ইকনমিক জনত উপস্থিত হৈ সংশ্লিষ্ট লাওচ প্ৰশাসনৰ বিষয়ববীয়াৰ সহযোগত প্ৰয়োজনীয় প্ৰপত্ৰসমূহৰ কাম সম্পাদন কৰি যুৱক-যুৱতীসকলক তাৰ পৰা ভিয়েনটিয়েনত থকা দূতাবাসলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰে। লাওচত থকা ভাৰতৰ ৰাষ্ট্রদূত প্রশান্ত অগ্ৰৱালে তেওঁলোকৰ সৈতে মিলিত হৈ তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত কৰে।
Site Admin | January 27, 2025 8:25 PM | India
লাওচত চাইবাৰ স্কেম কেন্দ্ৰৰ পৰা ৭৬ গৰাকী ভাৰতীয় যুৱক-যুৱতীক উদ্ধাৰ ভাৰতীয় দূতাবাসৰ
