আই এন ডি আই মিত্ৰজোঁটৰ এটা প্ৰতিনিধি দলে কালি নতুন দিল্লীত নির্বাচন আয়োগক সাক্ষাৎ কৰে। বৈঠকৰ অন্তত কংগ্ৰেছ নেতা অভিষেক মনু সিংঘভিয়ে কয় যে, প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বিৰুদ্ধে ১,৫০০ৰো অধিক আপত্তি উঠিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে ভোটদানৰ হাৰ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰাৰ ক্ষেত্ৰত হোৱা বিলম্বক লৈও আপত্তি দৰ্শায়। তেওঁ কয় যে, তথ্য সময়মতে প্রকাশ কৰিলে কোনো সন্দেহৰ অৱকাশ নাথাকে। তেওঁ আয়োগক শীঘ্ৰে ভোটদানৰ হাৰ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনায়। তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ’ব্ৰায়ন, ডিএমকেৰ টি আৰ বালুক, সমাজবাদী পাৰ্টীৰ জাভেদ আলী খান, চি পি আইৰ বিনয় বিশ্বমো প্রতিনিধি দলটোত আছিল।
Site Admin | May 11, 2024 11:18 AM | INDI ECI MEET