ডাউনলোড
মোবাইল এপ

android apple
signal

দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱসত মুখ্যমন্ত্রী আৰু আন মন্ত্ৰীসকলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব লগা জিলাসমূহ নিৰ্ধাৰণ

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কাইলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু আন মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলগা জিলাসমূহ ধাৰ্য কৰা হৈছে। সেই অনুসৰি মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটীৰ ৰাজ্যিক অনুষ্ঠানত পতাকা উত্তোলন কৰিব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, উৰ্খাও গৌড়া ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত, ডাঃ ৰণোজ পেগুৱে লখিমপুৰত, অশোক সিংহলে শোণিতপুৰত, যোগেন মহনে যোৰহাটত, সঞ্জয় কিষাণে তিনিচুকীয়াত, অজন্তা নেওগে গোলাঘাটত, পীযুষ হাজৰিকাই গোৱালপাৰাত, বিমল বৰাই ডিব্ৰুগড়ত, নন্দিতা গালোছাই শিলচৰত, জয়ন্ত মল্লবৰুৱাই নলবাৰীত পতাকা উত্তোলন কৰিব। আনহাতে, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে কোকৰাঝাৰত, কাৰ্বিআংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ডিফুত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গালোছাই হাফলঙত, বিটিআৰৰ উপ-মুখ্য কার্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে চৰাইদেউত পতাকা উত্তোলন কৰিব।

অধিক পঢ়ক

সকলো চাওক